• অসমবাসীৰ গভীৰ আন্তৰিকতাই মোক আপ্লুত কৰে৷ এয়া ভ্ৰমণ নহয়, আপোনালোকৰ দৰ্শনৰ বাবে আহিছোঃ মোদী

    ৰাজনৈতিক
    অসমবাসীৰ গভীৰ আন্তৰিকতাই মোক আপ্লুত কৰে৷ এয়া ভ্ৰমণ নহয়, আপোনালোকৰ দৰ্শনৰ বাবে আহিছোঃ মোদী

    ঢেকিয়াজুলী : 'অসমবাসীৰ গভীৰ আন্তৰিকতাই মোক আপ্লুত কৰে৷ এয়া ভ্ৰমণ নহয়, আপোনালোকৰ দৰ্শনৰ বাবে আহিছো'- এনেদৰে ঢেকিয়াজুলীৰ পৰা অসমীয়াক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ প্ৰথমেই জনগোষ্ঠীয় ভাষাৰে ভাষণ আৰম্ভ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ শনিবাৰৰ বন্তি প্ৰজ্বলনৰ বাবে ৰাইজক ধন্যবাদ জ্ঞাপন তেওঁৰ৷





    আৰু পঢ়িব পাৰিব : নৰেন্দ্ৰ মোদীৰ সপোনৰ ভাৰতৰ গোলকীয় ভাবমূৰ্তি সংকটত নেকি? 





    আনহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পশংসাত পঞ্চমুখ হৈ পৰে মোদী৷ তেওঁৰ মতে, সোণোৱাল চৰকাৰে তৰিৎ গতিৰে ত্বৰান্বিত কৰিছে উন্নয়ন৷ ইপিনে অসম আক্ৰমণকাৰীক পৰাস্ত কৰাৰ পবিত্ৰ ভূমি বুলিও মন্তব্য কৰে মোদীয়ে৷ ঢেকীয়াজুলিৰ ৪২ৰ ছহিদক স্মৰণ মোদীৰ৷





    আৰু পঢ়িব পাৰিব :বিশ্বৰ ভিতৰতেই সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰ মুকলি কৰিব মোদীয়ে





    ইপিনে অনুষ্ঠানত অংশগ্ৰহণ কৰি ‘নৰেন্দ্ৰ মোদী জিন্দাবাদ’ ধ্বনিৰে ভাষণ আৰম্ভ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ উত্তৰ-পূবৰ উন্নয়নত মোদী চৰকাৰে বিশেষ গুৰুত্ব দিছে বুলি মন্তব্য সোণোৱালৰ৷ ক’ভিডকালৰ কেন্দ্ৰৰ সহযোগিতাৰ বাবে মোদীলৈ কৃতজ্ঞতা জ্ঞাপন সৰ্বানন্দৰ৷ অৰুণোদয়, স্বয়ম আদি আঁচনিৰ বাবে উপকৃত লক্ষ লক্ষ জন বুলিও অবিহিত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷