• অসম জাতীয় পৰিষদ পদূলি শুঙা দল : হিমন্ত বিশ্ব শৰ্মা

    ৰাজনৈতিক
    অসম জাতীয় পৰিষদ পদূলি শুঙা দল : হিমন্ত বিশ্ব শৰ্মা

    বাইহাটা চাৰিআলি : নিৰ্বাচনী বতাহৰ তীব্ৰতাৰ মাজতে আজি অসম জাতীয় পৰিষদক চোকা সমালোচনা কৰিলে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ ‘অজাপ’ক পদূলি শুঙা দল আখ্যা দিলে মন্ত্ৰীগৰাকীয়ে৷ বাইহাটাৰ কমলপুৰৰ প্ৰাৰ্থী দিগন্ত কলিতাৰ মনোনয়ন দাখিল অনুষ্ঠানত অংশগ্ৰহণ কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে অজাপৰ শ্ল’গানক ক্ষুৰধাৰ সমালোচনা কৰে৷





    আৰু পঢ়িব পাৰিব : বোকাজানত জব্দ ড্ৰাগছঃ আটক ২ সৰবৰাহকাৰী





    মিত্ৰজোঁটকো ক্ষুৰধাৰ সমালোচনা মন্ত্ৰী হিমন্তৰ৷ আনহাতে বিজেপিৰ জয়গুণ গাই তেওঁ কয়, 'আমি অসমৰ ৰাইজৰ হৃদয়ত আছোঁ। ইয়াৰ বাবে আমাৰ বেলেগ চিনাকিৰ দৰকাৰ নাই৷' ৫৬নংা কমলপুৰ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাৰ মনোনয়ন দাখিলৰ প্ৰাকক্ষণত হিমন্ত বিশ্ব শৰ্মাই এখন বিশাল জনসভাত অংশগ্ৰহণ কৰে।





    আৰু পঢ়িব পাৰিব : আজমলৰ ইছলামিক ৰাষ্ট্ৰ! ভিডিঅ’ক লৈ তুমুল বিতৰ্ক





    বাইহাটা শিৱ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত এই জনসভাত কংগ্ৰেছ-এআইডিএফ দলক ক্ষুৰধাৰ সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে। ইফালে, কমলপুৰ সমষ্টি বিজেপিক এৰি দিয়া বাবে অগপ নেতৃত্বক ধন্যবাদো জ্ঞাপন মন্ত্ৰী শৰ্মাই। এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে কৰা সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই। আনহাতে তেওঁক হত্যা কৰাৰ ষড়যন্ত্ৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।