• আজমলৰ ইছলামিক ৰাষ্ট্ৰ! ভিডিঅ’ক লৈ তুমুল বিতৰ্ক

    ৰাজনৈতিক
    আজমলৰ ইছলামিক ৰাষ্ট্ৰ! ভিডিঅ’ক লৈ তুমুল বিতৰ্ক

    গুৱাহাটী : পুনৰ বিতৰ্কত এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমল৷ এইবাৰ বিতৰ্কৰ সূত্ৰপাত হৈছে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা আজমলৰ এটা ভিডিঅ’ক লৈ৷ ভিডিঅ'টোত মোগলৰ শাসনৰ প্ৰসংগৰে ইছলামিক ৰাষ্ট্রৰ প্ৰসংগ আনিছিল আজমলে৷





    আৰু পঢ়িব পাৰিব : কন্যাৰ বলাৎকাৰ, অভিযোগ দাখিলৰ পাছতে দুৰ্ঘটনাত মৃত্যু পিতৃৰ





    লিগেল ৰাইটছ অবজাৰভেটৰীৰ টুইটত প্ৰকাশ পাইছিল এই ভিডিঅ’টো৷ আনহাতে, এই বিতৰ্কিত ভিডিঅ’টোক লৈ বদৰুদ্দিন আজমলৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ তেওঁ মূল ভাষণ সম্পাদনা কৰি প্ৰচাৰ চলোৱা বুলি অভিযোগ আনিছে৷ নামনিৰ এখন জনসভাত এই বিতৰ্কিত ভাষণ দিছিল আজমলে৷





    আৰু পঢ়িব পাৰিব : কৃষক বিদ্ৰোহৰ কঁপনি হাৰিয়ানা চৰকাৰত, সলনি হ’ব সমীকৰণ!





    তেওঁৰ এই ভাষণৰ ভিডিঅ’ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে সম্পাদনা কৰা বুলি তেওঁ অভিযোগ আনিছে৷ বিকৃত ৰূপত এই ভিডিঅ'ৰ প্ৰচাৰৰ বাবে গোচৰ তৰাৰ হুংকাৰো দিয়ে এআইইউডিএফৰ মুৰব্বীজনে৷