ধুবুৰী : 'এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ব্যৱস্থাগ্ৰহণৰ হুংকাৰ। ভয়ত আজমল কাষ চাপিছে মুখ্যমন্ত্ৰীৰ' ধুবুৰীত বুথ ভিত্তিক ৰাজহুৱা সভাত এই মন্তব্য ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ। এই সভাত আক্ৰমণাত্মক হৈ তাছাই উল্লেখ কৰে যে, ধুবুৰী উন্নয়নত এআইইউডিএফে তলা-চাবি মাৰিছে। তেওঁলোকে কেতিয়াও ধুবুৰীৰ উন্নয়ন নিবিচাৰে৷ ইপিনে বিজেপিয়ে অৰুণোদইৰ আঁচনি অকল ভোটৰ স্বাৰ্থত দিয়া নাই বুলিও মন্তব্য তাছাৰ ।
আৰু পঢ়িব পাৰিব : বায়ুসেনা বিষয়াৰ জীয়া অভিজ্ঞতাৰে সমৃদ্ধ দুখনকৈ গ্ৰন্থ উন্মোচন
'কংগ্ৰেছে গৰিবি হাটাও বুলি ডাঙৰ ডাঙৰ কথা কয় যদিও কংগ্ৰেছৰ দিনতে গৰিবি বৃদ্ধি পাইছে'- বুলি কামাখ্যা প্ৰসাদ তাছাই মন্তব্য কৰে৷ উজনি অসমৰ প্ৰতিটো বিধানসভা সমষ্টি বিজেপিয়ে দখল কৰিব বুলিও দাবী তাছাৰ। ইপিনে বিজেপি যদি সাম্প্ৰদায়িক হয়, তেনেহ’লে এপিজে আব্দুল কালাম ৰাষ্ট্ৰপতি কেনেকৈ হ'ল বুলিও প্ৰশ্ন তেওঁৰ৷
আৰু পঢ়িব পাৰিব : কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতাত চূড়ান্ত ছীল-মোহৰ মাৰিব ৰাহুল গান্ধীয়ে
কংগ্ৰেছ আৰু এআইইউডিএফে মেৰু কৰণৰ ৰাজনীতি কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে। সাংসদ বদৰুদ্দিন আজমলে সংসদত এদিনো ধুবুৰীৰ প্ৰসংগ উল্লেখ কৰা দেখা নাই বুলি কোৱাৰ লগতে আজমলে অকল জৰা-ফুঁকাৰ ৰাজনীতি কৰিছে।
Leave A Comment