• আজি বিয়লি অন্ত পৰিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ

    ৰাজনৈতিক
    আজি বিয়লি অন্ত পৰিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ

    গুৱাহাটী : আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ সামৰণি পৰিব৷ ২৭ মাৰ্চত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন৷ আজি বিয়লি ৪৭ সমষ্টিৰ প্ৰচাৰ অভিযানৰ অন্ত পৰিব৷ অন্তিম দিনটোত প্ৰতিটো সমষ্টিতে মাৰাথন প্ৰচাৰ চলাইছে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে৷





    আৰু পঢ়িব পাৰিব : এদিনতে ক’ভিড আক্ৰান্ত ৫০হাজাৰতকৈ অধিক !





    তদুপৰি আজি নিজ নিজ সমষ্টিত বিশাল ৰেলীৰে শক্তি প্ৰদৰ্শনৰ চেষ্টা চলাইছে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে৷ প্ৰচাৰ অভিযানৰ অন্তিম দিনটোত মাজুলীত প্ৰচাৰত ব্যস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ ইয়াৰ উপৰি ৭টা স্থানত প্ৰচাৰ চলাব মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷





    আৰু পঢ়িব পাৰিব : অসমত পুনৰ উদ্বেগজনকভাৱে বাঢ়িছে ক’ৰনা ! নতুনকৈ আক্ৰান্ত ৪১জন





    উল্লেখ্য যে নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ভোটগ্ৰহণৰ ৪৮ ঘণ্টাৰ পূৰ্বে শেষ কৰিব লাগিব নিৰ্বাচনী প্ৰচাৰ৷ প্ৰথম পৰ্যায়ৰ ৪৭টা সমষ্টিৰ প্ৰাৰ্থীয়ে ২৫ মাৰ্চৰ সন্ধিয়া ৬ বজাত নিৰ্বাচনী প্ৰচাৰ অন্ত পেলাব লাগিব। ৰেডিঅ’, টেলিভিছনতো প্ৰচাৰকাৰ্য বন্ধ ৰাখিব লাগিব৷ লগতে ঘোষণা কৰিব নোৱাৰিব এগজিট প’লৰ নিৰ্বাচনী ফলাফলো৷