• আন এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতা, প্ৰাক্তন মন্ত্ৰীৰ মৃত্যু

    ৰাজনৈতিক
    আন এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতা, প্ৰাক্তন মন্ত্ৰীৰ মৃত্যু

    তিৰুৱনন্তপুৰম : আন এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ মৃত্যু। বৃহস্পতিবাৰে মৃত্যু হয় জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা কেৰালাৰ প্ৰাক্তন মন্ত্ৰী কে কে ৰামচন্দ্ৰনৰ। কেৰালাৰ কোঝিকোড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত ৮৪ বছৰ বয়সত মৃত্যু হয় কংগ্ৰেছ নেতাগৰাকীৰ।





    আৰু পঢ়িব পাৰিব : ট্ৰাম্প সমৰ্থকৰ হিংসা : আমেৰিকাৰ সংসদৰ বাহিৰত ৪জনৰ মৃত্যু, আটক ৫২





    বৃহস্পতিবাৰে আকস্মিকভাৱে হাৰ্ট এটেকত আক্ৰান্ত হোৱাৰ পাছতে তেওঁক হাস্পতালত ভৰ্তি কৰোঁৱা হৈছিল। কে কে ৰামচন্দ্ৰন মাষ্টাৰ নামেৰে জনপ্ৰিয় নেতাগৰাকীয়ে ৱায়নাড জিলাৰপৰা ছবাৰকৈ কেৰালাৰ বিধানসভালৈ নিৰ্বাচিত হৈছিল। চুলতান বাথেৰী আৰু কালপেট্টা সমষ্টিৰ পৰা তেওঁ নিৰ্বাচিত হৈছিল।





    আৰু পঢ়িব পাৰিব : গুৱাহাটী পালেহি বাৰ্ড ফ্লু! চিৰিয়াখানাত নিষিদ্ধ মুৰ্গী মাংস…





    এ কে এন্থনী চৰকাৰৰ দিনত তেওঁ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী আছিল। ওমান চান্দে মন্ত্ৰীসভাত তেওঁ স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল। তেওঁ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভালেমান দায়িত্বতো ন্যস্ত হৈ আছিল।