• আসন বুজাবুজি : অখিল গগৈৰে লুৰিণৰ বৈঠক, শীঘ্ৰেই ঘোষণা

    ৰাজনৈতিক
    আসন বুজাবুজি : অখিল গগৈৰে লুৰিণৰ বৈঠক, শীঘ্ৰেই ঘোষণা

    গুৱাহাটী : অখিল গগৈৰ সৈতে লুৰিণজ্যোতি গগৈৰ বৈঠক। দুঘণ্টা ধৰি চলা এই বৈঠক সমাপ্ত। অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মাজত আসন বুজা-বুজি সন্দৰ্ভত অনুষ্ঠিত হৈছিল এই বৈঠক৷ শীঘ্ৰে আসন বুজা বুজিৰ সন্দৰ্ভত ঘোষণা কৰিব দল দুটাই।





    আৰু পঢ়িব পাৰিব : আপুনি তেওঁক বিয়া কৰাবনে? ধৰ্ষণকাৰীক ন্যায়ালয়ৰ প্ৰশ্ন





    'ৰাইজৰ দল' আৰু 'অসম জাতীয় পৰিষদে' যুটীয়াভাৱে সম্বোধন কৰিব সংবাদমেল৷ প্ৰথম পৰ্যায়ত গৰিষ্ঠসংখ্যক সমষ্টিতে দিব দলীয় প্ৰাৰ্থীত্ব। প্ৰচাৰৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেৰজিৱালৰে যোগাযোগ কৰিছে বুলি জানিবলৈ দিয়ে লুৰিণজ্যোতি গগৈয়ে৷ ৰাষ্ট্ৰীয় আৰু সাম্প্ৰদায়িক শক্তিৰে মিত্ৰতাৰ প্ৰশ্নই নুঠে বুলি দোহাৰে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে।





    আৰু পঢ়িব পাৰিব : নিৰ্বাচন আয়োগৰ বিশেষ নিৰ্দেশনা! গঠন হ’ল ‘ফ্লাইং স্কোৱাড’





    বিটিএডিৰ ১২সমষ্টিক লৈ নতুন ৰণকৌশল গ্ৰহণ কৰাৰ কথাও প্ৰকাশ কৰে লুৰিণজ্যোতি গগৈয়ে৷ হাগ্ৰামাৰে চলা আলোচনা বিফল হোৱাৰ পাছতে এই সিদ্ধান্ত৷ উল্লেখ্য যে, কংগ্ৰেছ নেতৃত্বৰ বিৰোধী মহাজোঁটত যোগ দিছে হাগ্ৰামা নেতৃত্বাধীন বিপিএফ-এ।