• উত্তেজিত ভোটাৰক নিয়ন্ত্ৰণ কৰিবলৈ গৈ গুলী চালনা সুৰক্ষা বাহিনীৰ

    ৰাজনৈতিক
    উত্তেজিত ভোটাৰক নিয়ন্ত্ৰণ কৰিবলৈ গৈ গুলী চালনা সুৰক্ষা বাহিনীৰ

    ধুবুৰী : ধুবুৰীৰ গোলকগঞ্জ সমষ্টিৰ ভোটকেন্দ্ৰত অথন্তৰ৷ উত্তেজিত ভোটাৰক নিয়ন্ত্ৰণ কৰিব নোৱাৰি শূন্যলৈ গুলী চালনা কৰিবলগীয়া হয় সুৰক্ষা বাহিনীয়ে৷ ঘটনাৰ স্থান ধুবুৰীৰ গোলকগঞ্জৰ দীঘলটাৰীত৷





    আৰু পঢ়িব পাৰিব : নিশা ১২ বজালৈকে আৰক্ষীৰ জিম্মাত থকা যুৱকৰ মৃতদেহ উদ্ধাৰ





    জানিব পৰা মতে, ২০৮ নং দীঘলটাৰী প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্ৰ চৌহদত দুটা ফৈদৰ মাজত তীব্ৰ মাৰপিটৰ সৃষ্টি হৈছিল৷ ভোটদানৰ বাবে চৰকাৰীভাৱে প্ৰদান কৰা মাস্কৰ ভিতৰত থকা তামৰ তাৰে বিশেষ ৰাজনৈতিক দলক উপকৃত কৰিব বুলি চলা অপ-প্ৰচাৰক কেন্দ্ৰ কৰি সৃষ্টি হয় কাজিয়াৰ৷ কাজিয়াই মাৰপিটৰ ৰূপ লোৱাত কেন্দ্ৰত নিয়োজিত সুৰক্ষা বাহিনীয়ে প্ৰহাৰ কৰি আঁতৰাই দিয়ে কাজিয়াত লিপ্ত হোৱা ৰাইজক।





    আৰু পঢ়িব পাৰিব : ৪৪গৰাকী কিন্নৰে সাব্যস্ত কৰিলে ভোট





    কিন্তু ভোটদান কৰি ওলাই আহিবলৈ ধৰা ভোটাৰকো তীব্ৰ প্ৰহাৰ কৰে সুৰক্ষা বাহিনীয়ে। ফলত ৰাইজ উত্তপ্ত হৈ ঘেৰি ধৰি প্ৰহাৰ কৰে এগৰাকী সুৰক্ষা বাহিনীৰ লোকক৷ ঘটনা বিষম দেখি ৰাইজক ছত্ৰভংগ দিবলৈ সুৰক্ষা বাহিনীয়ে এজাই গুলী শূন্যলৈ চালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।