scatter hitamscatter hitamslot thailandmpo slotsv388sabung ayam onlinemahjong ways 2agen bolasabung ayam onlineindojawa88akun pro thailandslot777bandar sabung ayam onlineagen bola sbobetlink sabung ayam onlinesitus sabung ayam online 24 jambocoran scatter hitamlive casino onlinelink mahjong ways 2 terbaruscatter hitam mahjong wins 3link sbobetsabung ayam online terpercayasitus mix parlayakun vipsabung ayam online resmi
উত্তৰ প্ৰদেশৰ নিৰ্বাচন: বিজেপি নেতাই ঘোষণা কৰিলে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব পাৰে একে শৰ্মা Latest Assam News , Best Assamese News Channel, Assam News Live , North East Breaking news
  • উত্তৰ প্ৰদেশৰ নিৰ্বাচন: বিজেপি নেতাই ঘোষণা কৰিলে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব পাৰে একে শৰ্মা

    ৰাজনৈতিক
    উত্তৰ প্ৰদেশৰ নিৰ্বাচন: বিজেপি নেতাই ঘোষণা কৰিলে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব পাৰে একে শৰ্মা

    ডিজিটেল ডেস্ক: বিজেপিৰ প্ৰাক্তন সাংসদ হৰিনাৰায়ণ ৰাজভৰৰ মন্তব্যই দেশৰ ৰাজনীতিত সৃষ্টি কৰিছে নতুন সমীকৰণ৷ ৰাজভৰে কৈছে যে অৰবিন্দ কুমাৰ শৰ্মা হ’ব পাৰে উত্তৰ প্ৰদেশৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী৷ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী পদৰ বাবে উচ্চাৰিত কোন এই অৰবিন্দ কুমাৰ শৰ্মা? ৪ জানুৱাৰীৰ এটা ভিডিঅ’ত হৰিনাৰায়ণে কয় যে অদূৰ ভৱিষ্যতে একে শৰ্মা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হ'ব পাৰে। ৰাজভৰে তেওঁক মুখ্যমন্ত্ৰী হিচাপে চাব বিচাৰে। এইগৰাকী একে শৰ্মা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ বুলি বিজেপিৰ ভিতৰে-বাহিৰে চৰ্চা চলিছে৷









    হৰিনাৰায়ণ ৰাজভৰ ২০১৪ চনত মৌৰ ঘোচীৰ সাংসদ আছিল। তেওঁৰ বক্তব্যৰ এটা ভিডিঅ’ ভাইৰেল হৈ আছে য’ত একে শৰ্মাক তেওঁৰ কাষত দেখা গৈছে৷ একে শৰ্মা এজন ১৯৮৮ বেচ্চৰ আইএএছ বিষয়া। তেওঁ ভিআৰএছ লোৱাৰ পিছত যোৱা বছৰ ১৪ জানুৱাৰীত বিজেপিত যোগদান কৰিছিল। তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছৰে পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আছিল। শৰ্মা সেইসময়ত মোদীৰ সচিব আছিল। ২০১৪ চনত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ সময়ত তেওঁ পিএমঅ’ত যুটীয়া সচিব হিচাপে যোগদান কৰিছিল।










    উত্তৰ প্ৰদেশৰ নিৰ্বাচন যিমানে ওচৰ চাপিছে, সিমানে সলনি হৈছে ৰাজনৈতিক সমীকৰণ৷ ইয়াৰ পূৰ্বেও মোদী আৰু যোগী আদিত্যনাথৰ মাজত শীতল যুদ্ধ চলা বুলি চৰ্চা চলিছিল৷ লগতে, উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকৈও প্ৰধানমন্ত্ৰী মোদীকহে বেছিকৈ প্ৰচাৰসভাত দেখিবলৈ পোৱা গৈছে৷ চৰ্চা চলা অনুসৰি, প্ৰধানমন্ত্ৰী মোদীয়ে এইবেলি যোগী আদিত্যনাথক মুখ্যমন্ত্ৰী হিচাপে বিচৰা নাই৷ তাৰ বাবে মোদীয়ে ৰাজভৰৰ জৰিয়তেই অন্য এগৰাকী লোকৰ নাম মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰা বুলি ধাৰণা কৰা হৈছে৷









    আনহাতে, যোগী আদিত্যনাথৰ ঘনিষ্ঠ ৰাজনাথ সিঙৰ লগতো দুৰত্ব বৃদ্ধি পাইছে প্ৰধানমন্ত্ৰীৰ৷ কিয়নো, ৰাজনাথ সিঙে আদিত্যনাথক পৰৱৰ্তী প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিবলৈ বিচাৰি আছে৷ আৰু, যদি সেয়াই হ’বলৈ হয় তেন্তে প্ৰধানমন্ত্ৰী মোদীৰ বাট নিষ্কণ্টক নহ’ব৷ তাৰ বাবে আগতীয়াকৈ যোগী আদিত্যনাথৰ ৰাজনৈতিক কেৰিয়াৰৰ অৱসান ঘটোৱাবলৈ প্ৰধানমন্ত্ৰীয়ে যৎপৰোনাস্তি চেষ্টা চলোৱা বুলি ৰাজনৈতিক বিশ্লেষকসকলে মন্তব্য কৰিছে৷ যাৰ প্ৰতিফলন ঘটিছে প্ৰাক্তন সাংসদ ৰাজভৰৰ মন্তব্যত৷ পৰৱৰ্তী সময়ত ৰাজভৰৰ এই মন্তব্যই উত্তৰ প্ৰদেশৰ ৰাজনীতিক কি ধৰণে প্ৰভাৱিত কৰে, সেয়া লক্ষ্যণীয় হ’ব৷


    @stak('js')