• উপ-নিৰ্বাচনক লৈ মই চিন্তিত নহয়ঃ ড০ হিমন্ত বিশ্ব শৰ্মা

    ৰাজনৈতিক
    উপ-নিৰ্বাচনক লৈ মই চিন্তিত নহয়ঃ ড০ হিমন্ত বিশ্ব শৰ্মা

    ডিজিটেল ডেস্ক : ‘উপ-নিৰ্বাচনক লৈ মই চিন্তিত নহয়…’- এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ৷ ৰাজ্যত সমাগত বিধানসভাৰ উপ-নিৰ্বাচন৷ ইতিমধ্যে উপ-নিৰ্বাচনৰ কাৰ্যসুচী ঘোষণা কৰিছে ‘নিৰ্বাচন আয়োগ’-এ৷ উল্লেখ্য যে, ৩০ অক্টোবৰত হ’ব উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ৷ ‘অসম বিধানসভা’ৰ মুঠ ৫টা সমষ্টিত অনুষ্ঠিত হ’ব এই নিৰ্বাচন৷ ৰাজ্যত মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিন ৮ অক্টোবৰ আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ১৩ অক্টোবৰ৷





    নিৰ্বাচন আয়োগে ঘোষণা কৰা সূচী অনুসৰি, ২ নৱেম্বৰত হ’ব ভোটগণনা৷ ৰাজ্যৰ গোঁসাইগাঁও, ভৱানীপুৰ, তামুলপুৰ, মৰিয়নী আৰু থাওৰা সমষ্টিত হ’ব উপ-নিৰ্বাচন৷ তথাপি উপ-নিৰ্বাচনক লৈ চিন্তিত নহয় মুখ্যমন্ত্ৰীগৰাকী৷ তেওঁৰ মতে, ‘উপ-নিৰ্বাচন সন্দৰ্ভত দলেহে ল’ব সিদ্ধান্ত’৷





    ইপিনে ২ অক্টোবৰত হ’ব বিজেপিৰ নিৰ্বাচনী সমিতিৰ পাৰম্ভিক বৈঠকো অনুষ্ঠিত হ'ব বুলি মন্তব্য কৰে তেওঁ৷ লগতে আসন এৰি দিয়াৰ বিষয়টোৰ ওপৰত আলোচনা হ’ব বুলিও উল্লেখ কৰে শৰ্মাই৷ আনহাতে, মাজুলীৰ বাদেও অসমত আৰু হ’ব পাৰে উপ-নিৰ্বাচন৷ আজি ধেমাজিত কেবিনেট বৈঠকত উপস্থিত হৈ এই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় মুখ্যন্ত্ৰীগৰাকীয়ে।