scatter hitamscatter hitamslot thailandmpo slotslot thailandsv388
উপ-নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে একত্ৰিত হৈছে বিৰোধী, সাজু ৰণকৌশল Latest Assam News , Best Assamese News Channel, Assam News Live , North East Breaking news
  • উপ-নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে একত্ৰিত হৈছে বিৰোধী, সাজু ৰণকৌশল

    ৰাজনৈতিক
    উপ-নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে একত্ৰিত হৈছে বিৰোধী, সাজু ৰণকৌশল

    গুৱাহাটী : উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক-বিৰোধীৰ মাজত বাঢ়িছে ব্যাপক তৎপৰতা৷ বিজেপিক পৰাভূত কৰাৰ চেষ্টাত সমষ্টি ভগাই লোৱাৰ কৰিছে বিৰোধী পক্ষই৷ কংগ্ৰেছ দলৰ পৰা আৰম্ভ কৰি আঞ্চলিক ৰাজনৈতিক দলেও কোন সমষ্টিত কাক প্ৰাৰ্থীত্ব প্ৰদান কৰিব তাক লৈ ব্যস্ত হৈ পৰিছে৷ জানিব পৰা মতে ছয় সমষ্টিৰ ৪টাতে কংগ্ৰেছে প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰিছে৷





    আৰু পঢ়িব পাৰিব : ১৪ মাহে বেতন বঞ্চিত পৌৰসভাৰ কৰ্মচাৰীৰ প্ৰতিবাদ!






    নিৰ্বাচনক লৈ কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ এখন যুটীয়া সংবাদমেলত মাজুলী সমষ্টি কংগ্ৰেছে অজাপক এৰি দিয়াৰ কথা ঘোষণা কৰে৷ দেওবাৰে নিশা কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মাজত হোৱা আলোচনাত এই কথা প্ৰকাশ কৰে৷ ইপিনে ভৱানীপুৰ সমষ্টিও কংগ্ৰেছে ৰাইজৰ দলক এৰি দিয়াৰ কথা জনায় সংবাদমেলত৷





    আৰু পঢ়িব পাৰিব : থানাত কিদৰে আছে বিধায়ক শ্বেৰমান; ৰাজ আতিথ্য নে সাধাৰণ কয়দী?





    অৱশ্যে, এই ক্ষেত্ৰত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰপৰা সদুত্তৰৰ বাবে অপেক্ষা কৰিছে ভূপেন বৰাই৷ ভৱানীপুৰ সমষ্টিক লৈ এতিয়াও মহাঁজোটত অংক চলি আছে৷ ভৱানীপুৰত প্ৰতিদ্বন্দ্বিতাৰ বাবে ৰাইজৰ দল আগ্ৰহী নহয়৷ যদিহে ভৱানীপুৰত অখিল গগৈৰ পৰা সদুত্তৰ নাপাই তেন্তে সমষ্টিটো অজাপক এৰি দিয়াৰ সম্ভাৱনা আছে কংগ্ৰেছে৷