National
কলকাতা : পশ্চিমবংগ নিৰ্বাচনৰ বাকী থকা চাৰিওটা পৰ্যায়ৰ ভোটগ্ৰহণ একেদিনাই হোৱাটো বিচাৰিছে মু্খ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। ৰাজ্যখনত ক’ভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এই দাবী জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অৱশ্যে নিৰ্বাচন আয়োগে পূৰ্বেই এনে সম্ভাৱনাৰ কথা অস্বীকাৰ কৰিছে।
আৰু পঢ়িব পাৰিব : বাসগৃহত অগ্নিসংযোগঃ একেটা পৰিয়ালৰে দুই সদস্যৰ মৃত্যু
আজি মমতাই টুইটযোগে প্ৰকাশ কৰে যে, ‘মহামাৰীৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত পশ্চিমবংগৰ নিৰ্বাচন আঠটা পৰ্যায়ত অনুষ্ঠিত কৰাৰ নিৰ্বাচন আয়োগৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। মই নিৰ্বাচন আয়োগক আহ্বান জনাব বিচাৰিছোঁ যে, বাকী থকা চাৰিটা পৰ্যায়ৰ ভোটগ্ৰহণ একেলগে অনুষ্ঠিত কৰক। ই মানুহক কোভিডৰ অধিক সংক্ৰণৰ পৰা ৰক্ষা কৰিব।’
আৰু পঢ়িব পাৰিব : লামডিঙত অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ
কেৱল মমতাই নহয় তৃণমূল কংগ্ৰেছৰ ভালেমান নেতাই আঠটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্তত নিৰ্বাচন আয়োগ অটল থকা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰকো সমালোচনা কৰিছে। উল্লেখ্য যে, অহা ২৯ এপ্ৰিললৈ ৰাজ্যখনত নিৰ্বাচন চলিব। ১৭, ২২, ২৬ আৰু ২৯ এপ্ৰিলত ৰাজ্যখনত বাকী থকা চাৰিটা পৰ্যায়ৰ ভোটগ্ৰহণ হ’ব।
Leave A Comment