• এবছুক কোনোবাই বিভাজন কৰিব বিচাৰিলে আগ্নেয়গিৰিতকৈয়ো ভয়াৱহ বিস্ফোৰণ হ’ব, এই মন্তব্য ইউ জি ব্ৰহ্মৰ

    ৰাজনৈতিক
    এবছুক কোনোবাই বিভাজন কৰিব বিচাৰিলে আগ্নেয়গিৰিতকৈয়ো ভয়াৱহ বিস্ফোৰণ হ’ব, এই মন্তব্য ইউ জি ব্ৰহ্মৰ

    ডিজিটেল ডেস্কঃ বাগসা জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ খাৰিজা বিজনী মইনমাতা গাঁৱত অনুষ্ঠিত ১৭ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন আৰু খাৰিজা বিজনী আঞ্চলিক সমিতিৰ সোণালী জয়ন্তীৰ মুকলি সভাখন এবছুৰ বাগসা জিলা সমিতিৰ সভাপতি উমেশ দৈমাৰীৰ পৌৰহিত্যত অনুষ্ঠিত হয়৷ এই অনুষ্ঠানত উপস্থিত থাকে বিজেপি মিত্ৰজোঁটৰ ইউপিপিএল দলৰ বিধায়ক তথা কেবিনেট মন্ত্রী ইউ জি ব্ৰহ্ম। সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই এবছুৰ মাজৰ কোনো দুষ্টচক্ৰই বিভাজন অনাৰ চেষ্টা কৰিছে বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে, এবছুক কোনোবাই বিভাজন কৰিব বিচাৰিলে আগ্নেয়গিৰিতকৈয়ো ভয়াৱহ বিস্ফোৰণ হ’ব৷ সশস্ত্ৰ সংগ্ৰামৰ মাজেৰে কোনো সমস্যাৰ সমাধান নহয়৷ গতিকে, তেওঁ সশস্ত্ৰ সংগ্ৰাম পৰিহাৰ কৰিবলৈ বড়ো জাতিক আহ্বান জনায়৷ তেওঁ এবছুক বড়ো জাতিৰ প্ৰাণৰো প্ৰাণ বুলি অভিহিত কৰে৷ তেওঁ এবছুৰ পৰা জাতিয়ে বহু পাইছে আৰু এবছুয়ে বিভিন্ন জনগোষ্ঠীৰ হকে কাম কৰি যাব ৷
    তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এবছুৰ বাগসা জিলা সমিতিৰ অধিৱেশনৰ মুকলি সাধাৰণ সভা আছিল অন্তিম কাৰ্যসূচী। এই মুকলি সভাত উপস্থিত থাকে এবছুৰ সভাপতি দ্বীপেন বড়ো , বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়ো, ইএম গৌতম দাস, ইউ জি ব্ৰহ্মকে আদি কৰি বহু বিশিষ্ট ব্যক্তি ৷ বড়ো জনজাতিৰ উন্নয়ন আৰু উত্তৰণৰ স্বাৰ্থত সকলোৱে এক হৈ কাম কৰি যোৱাৰ বাবে প্ৰস্তুতি চলায় আৰু এবছুক বিভাজন কৰিবলৈ চেষ্টা কৰাসকলোক কোনোপধ্যেই ৰেহাই দিয়া নহ’ব বুলি মন্তব্য কৰে বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োই৷