• ওদালগুৰিত নিৰ্বাচনী হিংসা : বিপিএফৰ পোলিং এজেণ্টক আক্ৰমণ !

    ৰাজনৈতিক
    ওদালগুৰিত নিৰ্বাচনী হিংসা : বিপিএফৰ পোলিং এজেণ্টক আক্ৰমণ !

    ওদালগুৰি : ওদালগুৰিত বৃহস্পতিবাৰে সংঘটিত হয় নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনা৷ বিপিএফৰ পোলিং এজেণ্টক আক্ৰমণ কৰে ইউপিপিএলৰ সমৰ্থকে৷ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনাই বিপিএফৰ পোলিং এজেন্ট অমল দাসক আক্ৰমণ কৰে ললিত স্বৰ্গীয়াৰীয়ে।





    আৰু পঢ়িব পাৰিব : ডিব্ৰুগড়ৰ ইভিএম ৰখা কোঠাত আৰ্বিভাৱ অদৃশ্য মানৱৰ !





    জানিব পৰা মতে ললিত ইউপিপিএলৰ সমৰ্থক আৰু এনডিএফবিৰ সদস্য। ললিতে ইউপিপিএলৰ প্ৰাৰ্থী গোবিন্দ বসুমতাৰীৰ গাড়ী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰাৰ পাছত এই সংঘাতৰ সৃষ্টি হয়।





    আৰু পঢ়িব পাৰিব : হ্ৰাস হ’ল এলপিজি চিলিণ্ডাৰৰ মূল্য ! আজিৰে নতুন নিৰিখ





    এই ঘটনাৰ পাছতে ললিতৰ বিৰুদ্ধে আৰক্ষীক অভিযোগ দাখিল কৰে বিপিএফৰ ওদালগুৰি সমষ্টিৰ প্ৰাৰ্থী ৰিহণ দৈমাৰীয়ে। তদুপৰি কানু গয়াৰীৰ বিৰুদ্ধেও অভিযোগ দাখিল কৰে ৰিহণ দৈমাৰীয়ে।