ডিজিটেল ডেস্ক: আছাদুদ্দিন ওৱেইছিৰ বাহনত গুলীচালনাৰ ঘটনাৰ সংঘটিত হোৱাৰ পাছত সমগ্ৰ ঘটনাটোৱে দেশজুৰি চৰ্চা লাভ কৰিছিল৷ গ্ৰেপ্তাৰ হৈছিল দুজন লোক, ওৱেইছিলৈ আগবঢ়োৱা হৈছিল জেড পৰ্যায়ৰ নিৰাপত্তা৷ এইবাৰ ওৱেইছিৰ সুৰক্ষাৰ বাবে প্ৰাৰ্থনা জনাই হায়দৰাবাদৰ ব্যৱসায়ীয়ে বলি দিলে এশ এটা ছাগলী৷
এজন ব্যৱসায়ীয়ে আজি হায়দৰাবাদত
লোকসভাৰ সাংসদ আছাদুদ্দিন ওৱেইছিৰ সুৰক্ষা আৰু দীৰ্ঘজীৱনৰ বাবে প্ৰাৰ্থনা কৰি ১০১টা ছাগলী বলি দিয়ে৷ অনুষ্ঠানটোত মালাকপেটৰ বিধায়ক আৰু এআইএমআইএম নেতা আহমেদ বালালাও উপস্থিত আছিল।
এজন ব্যৱসায়ীয়ে দেওবাৰে হায়দৰাবাদত লোকসভাৰ সাংসদ আছাদুদ্দিন ওৱেইছিৰ সুৰক্ষা আৰু দীৰ্ঘজীৱনৰ বাবে প্ৰাৰ্থনা কৰিবলৈ ১০১ টা ছাগলী বলি দিছিল।
আৰক্ষীৰ জেৰাৰ সময়ত, অভিযুক্ত শচীনে কৈছিল যে তেওঁ ‘হত্যাৰ উদ্দেশ্যৰে’ গুলী চালনা কৰিছিল। তেওঁ নিজকে বিজেপিৰ সদস্য বুলি দাবী কৰিছে। ইপিনে, শনিবাৰে উত্তৰ প্ৰদেশৰ বাগপত জিলাৰ ছপ্ৰাউলি চহৰত এক ৰেলী সম্বোধন কৰি ওৱেইছিয়ে কয়, ‘যিসকলে মোক আক্ৰমণ কৰিছিল তেওঁলোকেই গান্ধীকো হত্যা কৰিছিল।’
Leave A Comment