• কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতাত চূড়ান্ত ছীল-মোহৰ মাৰিব ৰাহুল গান্ধীয়ে

    ৰাজনৈতিক
    কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতাত চূড়ান্ত ছীল-মোহৰ মাৰিব ৰাহুল গান্ধীয়ে

    তেজপুৰ : কংগ্ৰেছ -এ আই ইউ ডি এফৰ মিত্ৰতাৰ সিদ্ধান্তত চূড়ান্ত ছীল-মোহৰ মাৰিব ৰাহুল গান্ধীয়ে। পুখুৰীত ডাঙৰ মাছে সৰু মাছক গ্ৰাস কৰাৰ দৰে বিজেপিয়েও গণ শক্তি,বিপিএফ আদিক গ্ৰাস কৰিছে বুলি তেজপুৰৰ এক সংবাদমেলত এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যৰ।





    আৰু পঢ়িব পাৰিব :বিশেষভাৱে সক্ষম লোকে নিৰ্মাণ কৰি উলিয়ালে পকী দলং





    বিজেপি পুখুৰীৰ ডাঙৰ মাছ। গণ শক্তি, বি পি এফ,অগপ আদি সৰু মাছ বুলিও অবিহিত কৰে তেওঁ৷ ডাঙৰ মাছে সৰু মাছক গ্ৰাস কৰিছে। অগপৰ দখলত থকা নাহৰকটীয়া, লখিমপুৰ, টিয়ক, আমগুৰি, দেৰগাঁও পদুম মাৰ্কা কৰিব বিছাৰিছে বিজেপিয়ে। অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই এনেদৰে বিস্ফোৰক মন্তব্য কৰে সংবাদমেলখনত।





    আৰু পঢ়িব পাৰিব :কোভিড-১৯ৰ আগ্ৰাসন : পুনৰ বন্ধ হ’ল বিদ্যালয়





    আনহাতে আয়কৰ বিভাগ ,বলৱৎকাৰী সঞ্চালকালয়, জি এছ টি সঞ্চালকালয় আদিক ব্যৱহাৰ কৰি ব্যক্তি বিশেষক হেঁচা প্ৰয়োগ কৰিছে বিজেপিয়ে বুলিও অভিযোগ কৰে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ গৰাকীয়ে। এনেদৰে বিজেপিৰ মিত্ৰতা নীতিক ক্ষুৰ ধাৰ সমালোচনা কৰি কংগ্ৰেছ আৰু এইআইইউডিএফৰ মিত্ৰতা হোৱাটো চূড়ান্ত বুলিও মন্তব্য তেওঁৰ৷