• কংগ্ৰেছ সাম্প্ৰদায়িক দল, সংগ এৰক খিলঞ্জীয়াই : পদত্যাগী নেত্ৰীৰ বিস্ফোৰণ

    ৰাজনৈতিক
    কংগ্ৰেছ সাম্প্ৰদায়িক দল, সংগ এৰক খিলঞ্জীয়াই : পদত্যাগী নেত্ৰীৰ বিস্ফোৰণ

    গুৱাহাটী : ৰূপজ্যোতি কুৰ্মীৰ পাছতেই কংগ্ৰেছ ত্যাগ কৰিলে ড০ জুৰি শৰ্মা বৰদলৈয়ে৷ কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি কংগ্ৰেছ ত্যাগ নেত্ৰীগৰাকীৰ৷ মহানগৰ জিলা কংগ্ৰেছৰ সভানেত্ৰী আছিল তেওঁ৷ ভালেসংখ্যক সমৰ্থকসহ কংগ্ৰেছ ত্যাগ কৰে জুৰি শৰ্মা বৰদলৈয়ে৷ আজি এখন সংবাদমেলযোগে তেওঁ কংগ্ৰেছ এৰাৰ কেইবাটাও কাৰণ বাখ্যা কৰে৷





    সকলো খিলঞ্জীয়া লোককে কংগ্ৰেছৰ সংগ এৰিবলৈ আহ্বান জনালে কংগ্ৰেছত্যাগী নেত্ৰীগৰাকীয়ে৷ কংগ্ৰেছৰ নেতৃত্বই দুমুখীয়া স্থিতি লোৱা বুলিও তেওঁ সমালোচনা কৰে৷ ‘কংগ্ৰেছৰ পৰা এজন এজনকৈ দক্ষ নেতা আঁতৰি গৈছে৷ কংগ্ৰেছ এতিয়া সাম্প্ৰদায়িক দল হৈ গৈছে৷' এই বিস্ফোৰক অভিযোগ কৰিছে জুৰি শৰ্মা বৰদলৈয়ে। আনকি তেওঁ এই বুলিও কয়, 'ৰাহুল গান্ধীৰ নেতৃত্ব আমি মানি ল’ব পৰা নাই৷ কংগ্ৰেছৰ নেতাই কেৱল ভুৱা প্ৰতিশ্ৰুতি দিয়ে৷’ৰিপুন বৰাকো সমালোচনা কৰে নেতৃগৰাকীয়ে৷ তেওঁ অভিযোগ কৰে যে, 'ৰিপুন বৰা এজন ব্যৰ্থ নেতা৷ ৰকিবুল হুছেইনে আধিপত্য বিস্তাৰ কৰিব বিচাৰে দলত৷' দলৰ এগৰাকী সক্ৰিয় বিধায়ক তথা সৰৱ নেতা ৰূপজ্যোতি কুৰ্মীৰ দলত্যাগৰ পাছতে জুৰি শৰ্মা বৰদলৈৰ দলত্যাগ কংগ্ৰেছৰ বাবে প্ৰত্যাহ্বান হিচাপে চিহ্নিত হৈছে।