ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ খেৰী লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় কুমাৰ মিশ্ৰৰ পুত্ৰ আশিস মিশ্ৰই বিগত বৰ্ষৰ ৩ অক্টোবৰত তিনিখন বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে এক প্ৰতিবাদী সমদলৰ সময়ত উত্তৰ প্ৰদেশৰ লখিমপুৰ জিলাৰ খেৰীত চাৰিগৰাকী কৃষক আৰু এগৰাকী সাংবাদিকক খুন্দিয়াই গাৰ ওপৰেৰে এখন এছইউভি কাৰ চলাই নিয়া বুলি অভিযোগ উত্থাপন হৈছিল৷
সেই ঘটনাৰ কেইদিনমান পাছতেই মন্ত্ৰীপুত্ৰ আশিস মিশ্ৰক গ্ৰেপ্তাৰ কৰা হৈছিল। উত্তৰ প্ৰদেশৰ সেই ঘটনাৰ চাৰিমাহৰ পাছত আজি ৰাজ্যখনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিনটোতেই অভিযুক্ত আশিস মিশ্ৰই জামিন লাভ কৰে৷ আশিস মিশ্ৰৰ অধিবক্তাৰ মতে, তেওঁক
এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে জামিন প্ৰদান কৰিছে।
আশিস মিশ্ৰই গাড়ীৰে খুন্দিয়াই প্ৰতিবাদী কৃষকৰ ওপৰত গাড়ী চলাই দিয়া ভিডিঅ’বোৰত দেখা গৈছিল যে এখন এছইউভিয়ে কৃষকসকলক খুন্দিয়াইছিল আৰু তেওঁলোকক পিষ্ট কৰিছিল। সেইদিনা লখিমপুৰ খেৰীত আঠগৰাকী লোক নিহত হৈছিল।
ইয়াৰ পূৰ্বে লখিমপুৰ খেৰীৰ আদালতে আশিস মিশ্ৰৰ জামিন নাকচ কৰিছিল। লখিমপুৰ খেৰী ঘটনাৰ দেশজুৰি হোৱা প্ৰতিক্ৰিয়াই উত্তৰ প্ৰদেশ আৰক্ষীক আশিস মিশ্ৰৰ বিৰুদ্ধে পদক্ষেপ ল’বলৈ আৰু গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য কৰাইছিল।
Leave A Comment