• কেবিনেট ৰদবদল: মোদীৰ মন্ত্ৰীসভাত উত্তৰ-পূবৰ পৰা ৫জনক স্থান

    ৰাজনৈতিক
    কেবিনেট  ৰদবদল: মোদীৰ মন্ত্ৰীসভাত উত্তৰ-পূবৰ পৰা ৫জনক স্থান

    নতুন দিল্লী : মোদী মন্ত্ৰীসভাৰ ব্যাপক ৰদবদল৷ এইবাৰ উত্তৰ-পূবক বিশেষ গুৰুত্ব মোদীৰ কেবিনেটত৷ মোদীৰ মন্ত্ৰীসভাত উত্তৰ-পূবৰ পৰা ৫জন মন্ত্ৰীয়ে স্থান পায়৷ প্ৰথমবাৰৰ বাবে ত্ৰিপুৰাৰ প্ৰতিভা ভৌমিক কেন্দ্ৰীয় মন্ত্ৰীত্ব প্ৰদান৷
    ধৰ্মেন্দ্ৰ প্ৰধানক শিক্ষা আৰু দক্ষতা বিকাশৰ দায়িত্ব প্ৰদান৷ জ্যোতিৰাদিত্য সিন্ধিয়াক অসামৰিক বিমান পৰিবহণ দপ্তৰ৷ নতুন মন্ত্ৰী অশ্বিনী বৈষ্ণৱক ৰে’ল বিভাগৰ দায়িত্ব৷ কিৰেণ ৰিজিজুক আইন আৰু ন্যায় দপ্তৰ৷ মনসুখ মন্দাভিয়া স্বাস্থ্য আৰু পৰিয়ালক কল্যাণৰ দায়িত্ব৷ নতুন বন আৰু পৰিৱেশ মন্ত্ৰী ভূপেন্দৰ যাদৱ৷ ড’নাৰ মন্ত্ৰালয়ৰ দায়িত্ব প্ৰদান কৰে জি কিষান ৰেড্ডীক৷ অনুৰাগ সিং ঠাকুৰক তথ্য আৰু সম্প্ৰচাৰ, ক্ৰীড়া দপ্তৰ৷ মীনাক্ষী লেখি বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী৷ মণিপুৰৰ ৰাজকুমাৰ ৰঞ্জন সিঙকো বিদেশ দপ্তৰ৷