• চৰকাৰৰ শুভবুদ্ধি উদয়! ৯ বিজেপিশাসিত ৰাজ্যত অধিক সস্তা পেট্ৰ’ল-ডিজেল

    ৰাজনৈতিক
    চৰকাৰৰ শুভবুদ্ধি উদয়! ৯ বিজেপিশাসিত ৰাজ্যত অধিক সস্তা পেট্ৰ’ল-ডিজেল

    ডিজিটেল ডেস্ক : হঠাতে যেন শুভবুদ্ধি উদয় হ’ল চৰকাৰৰ। পেট্ৰ’ল, ডিজেলৰ দৰে অত্যাৱশ্যকীয় ইন্ধনৰ দামে জুৰুলা কৰা জনগণলৈ লৈ আহিল সাময়িক সকাহ। দেৱালীৰ দিৱনটোৰ পৰাই কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল-ডিজেলৰ দাম হ্ৰাস কৰাৰ পাছত আন ৯খন বিজেপি শাসিত ৰাজ্যই ইন্ধন দুবিধৰ মূল্য সংযোজিত কৰ হ্ৰাস কৰি ৰাইজক দিলে সকাহ।





    কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’লত ৫টকা আৰু ডিজেলত ১০টকা হ্ৰাস কৰাৰ কথা বুধবাৰে ঘোষণা কৰিছিল। তাৰ পাছতে অসমকে ধৰি নখনকৈ ৰাজ্যৰ চৰকাৰেও পেট্ৰ’ল, ডিজেলৰ ওপৰত আৰোপিত ভেট হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বিজেপিশাসিত এই ৰাজ্যকেইখন হৈছে, অসম, ত্ৰিপুৰা, মণিপুৰ, কৰ্ণাটক, গোৱা, উত্তৰপ্ৰদেশ, গুজৰাট, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ড। অসম, ত্ৰিপুৰা, মণিপুৰ, কৰ্ণাটক আৰু গোৱাত দুয়োবিধ ইন্ধনৰ ভেট ৭টকাকৈ হ্ৰাস কৰে ৰাজ্য চৰকাৰে। অৰ্থাৎ এই ৰাজ্যকেইখনত পেট্ৰ’লৰ দাম ১২ টকা আৰু ডিজেলৰ দাম ১৭টকাকৈ হ্ৰাস পাব। উৎসৱৰ বতৰত এয়া দেশৰ জনগণৰ বাবে বৃহৎ সকাহ হিচাপে বিবেচিত হৈছে। ইফালে, হিমাচল আৰু উত্তৰাখণ্ড চৰকাৰেও হ্ৰাস কৰিছে ইন্ধন দুবিধত আৰোপিত ভেট। উল্লেখ্য যে, বুধবাৰে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে পেট্ৰ’ল-ডিজেলৰ ভেট ৭টকাকৈ কম কৰাৰ কথা ঘোষণা কৰিছিল। কেন্দ্ৰীয় চৰকাৰৰ পদাংক অনুসৰণ কৰিয়েই এই পদক্ষেপ গ্ৰহণ কৰা বুলি সদৰি কৰিছিল মুখ্যমন্ত্ৰীয়ে।