• জেৰেঙাৰ আৰ্তনাদ শুনিবলৈ চেষ্টা নকৰিলে মোদীয়ে: প্ৰদ্যুৎ বৰদলৈ

    ৰাজনৈতিক
    জেৰেঙাৰ আৰ্তনাদ শুনিবলৈ চেষ্টা নকৰিলে মোদীয়ে: প্ৰদ্যুৎ বৰদলৈ

    গুৱাহাটী : দেওবাৰে ৰাজীৱ ভৱনত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ আৰু জেৰেঙা পথাৰৰ সভা সন্দৰ্ভত এক সংবাদমেল আহ্বান কৰে৷ তেওঁৰ অভিযোগ, 'জেৰেঙা পথাৰৰপৰা বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিলে ঠিকে, কিন্তু জেৰেঙাৰ আৰ্তনাদ শুনিবলৈ চেষ্টা নকৰিলে মোদীয়ে।'





    আৰু পঢ়িব পাৰিব :অতিমাৰীৰ বাবে আনবাৰতকৈ পৃথক হ’ব গণতন্ত্ৰ দিৱস, বাদ পৰিব এইসমূহ দিশ





    অসমতো বৰ্তমান ল'ৰাৰজা আৰু লালুকসোলা বৰফুকনৰ দৰে লোকে অসম ধ্বংস কৰাৰ চেষ্টা চলাইছে বুলি মন্তব্য প্ৰদ্যুত বৰদলৈৰ৷ বিজেপিয়ে আজি সতী জয়মতীৰ আদৰ্শ ধ্বংস কৰাত নামিছে ৷ অসমীয়াৰ গৌৰৱ নোহোৱা কৰাৰ চেষ্টাত নামিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷





    আৰু পঢ়িব পাৰিব :কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সভা, নলবাৰীত ১৪৪ ধাৰা





    এনে লোকে এতিয়া আমাৰ সমাজত নেতৃত্ব দিব খোজা লোকক ঘৰৰ পৰা বিচাৰি আনি অংগখুঁত কৰাৰ চেষ্টা কৰিছে বুলিও অভিযোগ তেওঁৰ৷ ইপিনে 'টেলিপ্ৰম্পটাৰ চাই অসমীয়াৰ কথা কৈছে, অসমীয়াৰ দুখ ক'ত শুনিব' বুলি মোদীক সমালোচনা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ৷