• তৃতীয় পৰ্যায়ৰ বাবে আজি বিজেপিৰ প্ৰাৰ্থী তালিকা

    ৰাজনৈতিক
    তৃতীয় পৰ্যায়ৰ বাবে আজি বিজেপিৰ প্ৰাৰ্থী তালিকা

    নতুন দিল্লী : বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ বাবে আজি বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব৷ জানিব পৰা মতে, আজি বিয়লি ৫ বজাত সংসদীয় কমিটীৰ বৈঠকত ঘোষণা কৰা হ’ব দলটোৰ তৃতীয় পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকা৷





    আৰু পঢ়িব পাৰিব : পথাৰত উদ্ধাৰ অধ্যাপকৰ মৃতদেহ! অঞ্চলজুৰি চাঞ্চল্য






    উচ্চস্তৰীয় বৈঠকত তালিকা চূড়ান্ত কৰাৰ সময়ত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও৷ এই বৈঠকতেই চূড়ান্ত হ’ব প্ৰাৰ্থীৰ তালিকা৷ গৃহমন্ত্ৰী অমিত শ্বাহ, জেপি নাড্ডাৰ সৈতে অসমৰ নেতৃত্বৰ বৈঠক অনুষ্ঠিত হ'ব৷ অসমৰ পৰা এই বৈঠকত অংশ ল'বৰ বাবে দিল্লীত উপস্থিত হৈছে সৰ্বানন্দ সোণোৱাল, ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিৎ দাস, ফণী শৰ্মাৰ দৰে শীৰ্ষ নেতা।





    আৰু পঢ়িব পাৰিব : উদ্বেগ বৃদ্ধি : শুকুৰবাৰে বছৰটোৰ ভিতৰতে সৰ্বাধিক ক’ভিড পজিটিভ





    তৃতীয় পৰ্যায়ৰ ১৮টা সমষ্টিৰ বাবে প্ৰাৰ্থী চূড়ান্ত কৰিব বিজেপিয়ে৷