comScore
  • থাকৰে-কেচিআৰৰ বিজেপিবিৰোধী ঐক্যৰ কচৰৎ; হঠাতে গ্ৰেপ্তাৰ মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিক

    ৰাজনৈতিক
    থাকৰে-কেচিআৰৰ বিজেপিবিৰোধী ঐক্যৰ কচৰৎ; হঠাতে গ্ৰেপ্তাৰ মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিক
    ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰ চৰকাৰৰ সংখ্যালঘু উন্নয়ন, ৱাকফ, দক্ষতা বিকাশ আৰু উদ্যোগ বিভাগৰ মন্ত্ৰী নৱাব মালিকক আজি গ্ৰেপ্তাৰ কৰা হৈছে৷ কেন্দ্ৰীয় চৰকাৰৰ তদন্তকাৰী সংস্থা ‘প্ৰৱৰ্তন সঞ্চালকালয়’, চমুকৈ ইডিয়ে অবৈধ লেনদেনৰ গোচৰত মহাৰাষ্ট্ৰৰ মন্ত্ৰী তথা ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দলৰ নেতাগৰাকীক গ্ৰেপ্তাৰ কৰিছে৷ প্ৰায় সাত ঘণ্টাৰ জেৰাৰ অন্তত মালিকক গ্ৰেপ্তাৰ কৰিছে ইডিয়ে৷ সূত্ৰ অনুসৰি, তদন্তকাৰী সংস্থাটোৱে পলাতক গেংষ্টাৰ ডাউদ ইব্ৰাহিমৰ ভাতৃ ইকবাল কাস্কৰৰ সৈতে সম্পৰ্কিত এক ভূমি চুক্তিৰ সন্দৰ্ভত মালিকক তদন্ত কৰিছিল৷

    মহাৰাষ্ট্ৰ চৰকাৰ আৰু কেন্দ্ৰৰ মাজত বাকযুদ্ধ বৃদ্ধি পোৱাৰ মাজতে ৰাজ্যখনৰ মন্ত্ৰী নৱাব মালিকক আজি পুৱা প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ইডি) কাৰ্যালয়লৈ সোধা-পোছাৰ বাবে লৈ যোৱা হয়। কেন্দ্ৰীয় তদন্ত সংস্থাটোৰ বিষয়াসকল পুৱা ৬ বজাত নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টী(এনচিপি)ৰ নেতাগৰাকীৰ ঘৰত উপস্থিত হৈ তেওঁক এঘণ্টা ধৰি সোধা-পোছা কৰিছিল। তাৰ পাছত তেওঁক পুৱা ৭:৩০ বজাত ইডি কাৰ্যালয়লৈ অনা হৈছিল আৰু পুৱা ৮:৩০ বজাৰ পৰা তাত সোধা-পোছা কৰাৰ অন্তত খন্তেক সময় পূৰ্বে মন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা হয়৷

    সততে বিজেপি আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰব হৈ থকা মহাৰাষ্ট্ৰ চৰকাৰ অংশীদাৰী দল এনচিপি নেতা নৱাব মালিকৰ গ্ৰেপ্তাৰক সহজভাৱে লোৱা নাই দলটোৱে৷ দলটোৰ কেন্দ্ৰীয় নেতৃত্বই এই ঘটনাক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে৷ ইপিনে, মাত্ৰ দুদিন পূৰ্বে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চি ৰাওৱে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক সাক্ষাৎ কৰিছিল৷ দেশত বিজেপিবিৰোধী ঐক্য গঠনৰ বাবে কে চি ৰাওৱে থাকৰেক সাক্ষাৎ কৰিছিল৷

    বিৰোধী ঐক্য গঠনৰ কুচকাৱাজ চলি থকাৰ মাজতে আজি বিজেপি বিৰোধী চৰকাৰখনৰ এগৰাকী মন্ত্ৰীক ইডিয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যই বহু প্ৰশ্নৰ উদ্ৰেক ঘটাইছে৷ শেহতীয়াকৈ, বিজেপিৰ ভুল নীতি আৰু কাৰ্যক সমালোচনা কৰা বিজেপিবিৰোধী দল আৰু চৰকাৰৰ নেতাৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে চাপ সৃষ্টি কৰাবৰ বাবে তদন্তকাৰী সংস্থাক ব্যৱহাৰ কৰাৰ অভিযোগ শুনা যায়৷ আজি নৱাব মালিকৰ গ্ৰেপ্তাৰো তেনে ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত হ’ব পাৰে বুলি দেশৰ ৰাজনৈতিক বিশ্লেষকসকলে মন্তব্য কৰিছে৷
    scatter hitamslot thailandmpo slotsv388mahjong ways 2slot777https://www.satudatadesa.com/link agen sbobet loginLink Agen Sabung Ayam OnlineMix ParlaySlot88SV388Agen SBOBETSlot777 Scatter HitamSabung Ayam Wala MeronAgen Mix ParlayScatter Hitamslot gacorsabung ayam onlineindojawa88sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388agen sbobet situs sabung ayam situs scatter hitam agen bola scatter hitam mahjong sabung ayam online 24 jam mix parlay slot terpercaya bandar sabung ayam sbobet88agen sbobet