National
Following his disqualification from the Lok Sabha, Congress leader Rahul Gandhi has been served with a notice to leave the government-allotted bungalow...
Digital Desk: Following his disqualification from the Lok Sabha, Congress leader
গুৱাহাটী : আজি বিজেপিৰ তৃতীয় পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকা ঘোষিত হয়৷ দিল্লীত ঘোষিত হয় অসমৰ ১৭জন প্ৰাৰ্থীৰ নাম৷ দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত সংবাদমেলৰ জৰিয়তে ঘোষণা কৰে প্ৰাৰ্থীৰ তালিকা৷
আৰু পঢ়িব পাৰিব : ‘অখিলৰ কাষত থিয় হওক অসমৰ ৰাইজ’ ৰাষ্ট্ৰীয় নেতাৰ আহ্বান
তালিকাখন এনেধৰণৰ, দিছপুৰত প্ৰাৰ্থীত্ব লাভ কৰে অতুল বৰা, পূব গুৱাহাটীত সিদ্ধাৰ্থ ভট্টাচাৰ্য, পলাশবাৰীত হেমাংগ ঠাকুৰীয়া, হাজোত সুমন হৰিপ্ৰিয়া, বৰক্ষেত্ৰী সমষ্টিত নাৰায়ণ ডেকা, ধৰ্মপুৰত চন্দ্ৰমোহন পাটোৱাৰী, দক্ষিণ শালমাৰাত আছাবুৰ ইছলাম৷
আৰু পঢ়িব পাৰিব : আম্বানীলৈ ভাবুকি! নিয়াৰ জালত আৰক্ষীৰ সহকাৰী পৰিদৰ্শক
আনহাতে ধুবুৰীত প্ৰাৰ্থীত্ব লাভ কৰে ড০ দেৱময় সান্যালে, গোলকগঞ্জত অশ্বিনী ৰয় সৰকাৰ, পশ্চিম বিলাসীপাৰাত আবুবক্কৰ ছিদ্দিক, পূব বিলাসীপাৰাত অশোক সিংঘি, বিজনীত অজয় কুমাৰ ৰয়, দুধনৈত শ্যামজিৎ ৰাভা, জলেশ্বৰত ওছমান গনি, সৰভোগত শংকৰ চন্দ্ৰ দাস, জনীয়াত ছাহিদুল ইছলাম আৰু বাঘবৰত হাছিনাৰা খাতুন৷
Leave A Comment