• দুগৰাকীকৈ জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ মৃত্যু, কৰিমগঞ্জ, দেৰগাঁৱত শোক

    ৰাজনৈতিক
    দুগৰাকীকৈ জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ মৃত্যু, কৰিমগঞ্জ, দেৰগাঁৱত শোক

    কৰিমগঞ্জ/দেৰগাঁও : মঙলবাৰে নিশা কৰিমগঞ্জ আৰু দেৰগাঁৱৰ দুজনকৈ কংগ্ৰেছ বিধায়কৰ দেহাৱসান ঘটে৷ দেৰগাঁৱৰ প্ৰাক্তন বিধায়িকা আৰতি হাজৰিকা কছাৰী আৰু বদৰপুৰৰ বিধায়ক তথা কংগ্ৰেছ নেতা জামালুদ্দিন আহমেদৰ অকাল বিয়োগ ঘটে৷ দুয়োজন জ্যেষ্ঠ নেতাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে কংগ্ৰেছৰ শীৰ্ষ নেতৃবৃন্দই৷





    আৰু পঢ়িব পাৰিব : মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজত অথন্তৰ : খুলি দিবলৈ নিৰ্দেশ ছাউণ্ড ছিষ্টেম !





    মঙলবাৰে নিশা কৰিমগঞ্জৰ অসামৰিক চিকিৎসালয়ত মৃত্যু বদৰপুৰৰ বিধায়ক জামালুদ্দিন আহমেদৰ৷ জানিব পৰা মতে, দীৰ্ঘদিনে হৃদৰোগ, বৃক্কজনিত ৰোগত ভুগি আছিল আহমেদ৷ মৃত্যুৰ সময়ত আহমেদৰ বয়স হৈছিল ৬৬ বছৰ৷ বদৰপুৰৰ ৩বাৰৰ বিধায়ক আছিল জামালুদ্দিন আহমেদ ২০০১ চনত তৃণমূল কংগ্ৰেছৰ পৰা বিধায়ক হোৱাৰ লগতে ২০১১ আৰু ২০১৬ত কংগ্ৰেছৰ টিকটত জয়ী হৈছিল আহমেদ৷





    কংগ্ৰেছী বিধায়কজনৰ অকাল মৃত্যুত কৰিমগঞ্জত শোকৰ ছাঁ পৰিছে৷ বিয়লি ৪ বজাত তেওঁৰ কালিগঞ্জৰ স্বগৃহত কংগ্ৰেছ নেতাজনৰ শেষকৃত সম্পন্ন হ'ব।





    আৰু পঢ়িব পাৰিব : দিল্লীত কৃষকৰ প্ৰতিবাদৰ সময়তে ট্ৰেক্টৰ বাগৰি পৰাত এজনৰ মৃত্যু





    ইফালে, নিশা হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় দেৰগাঁৱৰ প্ৰাক্তন বিধায়িকা আৰতি হাজৰিকা কছাৰী৷ ২০১১ চনৰ পৰা ২০১৫ চনলৈ বিধায়িকা হিচাপে থকা আৰতি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদকৰ দায়িত্বতো আছিল৷ প্ৰাক্তন বিধায়িকাগৰাকীৰ মৃত্যুত দেৰগাঁৱত শোকৰ ছাঁ পৰিছে৷