Sci & Tech
গুৱাহাটী : দেশৰ ৰাজনীতিৰ কাৰণে আজি এটা গুৰুত্বপূৰ্ণ দিন। চাৰিখন গুৰুত্বপূৰ্ণ ৰাজ্য আৰু এখন কেন্দ্ৰীয়শাসিত প্ৰদেশত অনুষ্ঠিত বিধানসভা নিৰ্বাচনৰ ভোটগননা আজি পুৱাৰে পৰা চলিছে পূৰ্ণ গতিত। প্ৰাৰম্ভিক পৰ্যায়ৰ ভোটগণনাৰ পাছত দেখা গৈছে যে কোনো এখন ৰাজ্যৰে ফলাফল খুব অপ্ৰত্যাশিত হয়তো নহ’ব। পূৰ্বৰে পৰা আশা কৰা বা অনুমান কৰা ধৰণৰে হোৱাৰ সম্ভাৱনা আছে আটাইকেইখন প্ৰদেশৰে নিৰ্বাচনী ফল। বিজেপিয়ে অসমত আৰামদায়ক জয়েৰে শাসনৰ বাঘজৰী নিজৰ হাততে ৰখাৰ লগতে কেন্দ্ৰীয়শাসিত প্ৰদেশ পুডুচেৰীত শাসনৰ গাদীত বহাৰ সম্ভাৱনা এতিয়া স্পষ্ট হৈ পৰিছে।
আৰু পঢ়িব পাৰিব : শ্ৰমিকৰ অধিকাৰ খৰ্বঃ শ্ৰমিক দিৱসত কাম কৰিবলৈ বাধ্য কৰালে ফ’ৰলেন নিৰ্মাণ কোম্পানীয়ে
তৃণমূল কংগ্ৰেছে পশ্চিমবংগত নিজৰ গাদী ধৰি ৰখাত সফল হোৱাটো স্পষ্ট হৈ পৰিছে। আনহাতে, আশা কৰা ধৰণেই ডিএমকে তামিলনাডুত শাসনলৈ অহাটো প্ৰায় নিশ্চিত হৈছে আৰু কেৰালাত বাওঁ শিবিৰেই শাসনভাৰ ধৰি ৰখাটো প্ৰায় নিশ্চিত বুলিব পাৰি। এই নিৰ্বাচনতো আটাইতকৈ প্ৰভাৱশালী দল হিচাপে কিন্তু বিবেচিত হ’ব বিজেপিয়েই। কিয়নো অসমত বিৰোধা মহাজোঁটৰ প্ৰত্যাহ্বানক তেওঁলোকে হেলাৰঙে ওফৰাই পেলোৱাৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে আৰু আনফালে পশ্চিমবংগত মমতা বেনাৰ্জীক তীব্ৰ প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছে।
আৰু পঢ়িব পাৰিব : গ্ৰেপ্তাৰ কৰা অপৰাধীৰ দেহত কৰ’নাঃ আৰক্ষী থানাত আতংক
পশ্চিমবংগত বিজেপিয়ে ১০০ বা তাৰ আশে-পাশে আসন লাভ কৰাটো প্ৰায় নিশ্চিত। তেওঁলোকে দুশখন আসন লাভৰ লক্ষ্যৰে পশ্চিমবংগত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও সেই লক্ষ্য পূৰণ কৰাটো সম্ভৱ নহ’ল। কিন্তু ৰাজ্যখনত তেওঁলোকৰ উত্থান চমকপ্ৰদ। আনহাতে বিজেপিয়ে সৰ্বশক্তি প্ৰয়োগ কৰাৰ পাছতো মমতা বেনাৰ্জীয়ে প্ৰতিৰোধ ক্ষমতাৰ অতুলনীয় দৃষ্টান্ত দাঙি ধৰিলে। মমতাৰ তৃণমূলে নিৰ্বাচনত ১৮০-৯০খন আসন লাভ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। এয়া দলটোৰ কাৰণে অতি সকাহৰ কথা।
কিয়নো ৰাজ্যখনত চৰকাৰ গঠনৰ বাবে ১৪৮খন আসনৰ প্ৰয়োজন এই সংখ্যা অতিক্ৰমী যিমান দূৰলৈ মমতা আগুৱাব পাৰে সিমানেই তেওঁলোকৰ বাবে পৰৱৰ্তী পাঁচ বছৰ চৰকাৰ চলোৱাটো সুগম হ’ব। একেবাৰে শেহতীয়া তথ্য মতে তৃণমূলে ৰাজ্যখনত ১৯১খন আসনত আগবাঢ়ি আছে। বিজেপিয়ে আগবাঢ়ি আছে ৯৭খন আসনত। গতিকে প্ৰাৰম্ভিক পৰ্যায়ে ফলাফল সম্পৰ্কে নিশ্চয় এটা স্পষ্ট ধাৰণা দিব পাৰিছে। অসমত বিজেপি মিত্ৰজোঁটে এতিয়ালৈ ৮৫খন আসনত আগবাঢ়ি আছে। বিপৰীতে বিৰোধী মহাজোঁটৰ অগ্ৰগতি ৪০ত সীমাবদ্ধ হৈ আছে। এই অংকও খুব বেছি সলনি হোৱাৰ আশা নাই বুলিবই পাৰি। ফলাফল ঘোষণাৰ পূৰ্বেও বিৰোধী মহাজোঁট ৪০-৫০খন আসনতে সীমাবদ্ধ হৈ থকাৰ সম্ভাৱনাৰ কথা কোৱা হৈছিল।
আৰু পঢ়িব পাৰিব : সুখবৰ : দাদা চাহেব ফাল্কে ছবি মহোৎসৱত বিশেষ সন্মান অসমৰ চুটি ছবি ‘মঙহ দহাৰ গোন্ধ’লৈ
এতিয়া বিজেপিয়ে তেওঁলোকৰ এশখন আসনৰ লক্ষ্যত কিমানদূৰ আগুৱাব পাৰে সেয়াহে লক্ষ্যণীয় হ’ব। চৰকাৰ বিজেপি মিত্ৰজোঁটৰে হোৱাটো প্ৰায় নিশ্চিতই বুলিব পাৰি। কেৰালাত শাসকীয় এলডিএফে ৮৯খন আশনত আগবাঢ়ি আছে আৰু ইউডিএফ আগবাঢ়ি আছে ৪৬খন আসনত। তামিলনাডুত ডিএমকে আগবাঢ়ি আছে ১৩৭খন আসনত। এআইএডিএমকে মিত্ৰজোঁট আগবাঢ়ি আছে ৯৩খনত। ডিএমকেই সংখ্যাগৰিষ্ঠতাৰ সীমা ১১৮ অনায়াসে পাৰ হৈছে। এনে পৰিপ্ৰেক্ষিতত তাতো চৰকাৰ কোনে গঠন কৰিব সেয়া প্ৰায় স্পষ্ট। আনহাতে পুডুচেৰীত বিজেপিৰ নেতৃত্বতে চৰকাৰ হোৱাটোও স্পষ্ট হৈ পৰিছে বৰ্তমানৰ পৰিস্থিতিলৈ মন কৰিলে।
Leave A Comment