• দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দিব কেইবাজনো গুৰুত্বপূৰ্ণ প্ৰাৰ্থীয়ে !

    ৰাজনৈতিক
    দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দিব কেইবাজনো গুৰুত্বপূৰ্ণ প্ৰাৰ্থীয়ে !

    গুৱাহাটী : দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়া আৰম্ভ৷ আজি মনোনয়ন দিব কেইবাজনো গুৰুত্বপূৰ্ণ প্ৰাৰ্থীয়ে৷ ইয়াৰে ৰঙিয়াত মনোনয়ন দিব মন্ত্ৰী ভৱেশ কলিতাই, মঙলদৈত মনোনয়ন দিব বিজেপিৰ গুৰুজ্যোতি দাসে৷





    আৰু পঢ়িব পাৰিব : অসম জাতীয় পৰিষদ পদূলি শুঙা দল : হিমন্ত বিশ্ব শৰ্মা





    ছিপাঝাৰৰ বিজেপি প্ৰাৰ্থী হিচাপে এইবাৰ ড০ পৰমানন্দ ৰাজবংশীয়েও আজি মনোনয়ন দিব৷ কলাইগাঁৱত মনোনয়ন দিব বিজেপিৰ মধুৰাম ডেকাই, উঃ কৰিমগঞ্জত কংগ্ৰেছৰ কমলাক্ষ দে পুৰকায়স্থই, দঃ কৰিমগঞ্জত মনোনয়ন দিব কংগ্ৰেছৰ ছিদ্দেক আহমেদে৷





    আৰু পঢ়িব পাৰিব : বোকাজানত জব্দ ড্ৰাগছঃ আটক ২ সৰবৰাহকাৰী





    উল্লেখ্য যে কাইলৈ দ্বিতীয় পৰ্যায়ৰ মনোনয়নৰ অন্তিম দিন৷ দ্বিতীয় পৰ্যায়ত ৩৯টা সমষ্টিত হ’ব নিৰ্বাচন৷ ৰাতাবাৰীত মনোনয়ন দিব কংগ্ৰেছৰ শম্ভূ সিং মাল্লাই, ৰাতাবাৰীত বিজেপি প্ৰাৰ্থী বিজয় মালাকাৰাৰ মনোনয়ন, পাথাৰকান্দিত কৃষ্ণেন্দু পাল, বদৰপুৰত বিশ্বৰূপ ভট্টাচাৰ্যই দিব মনোনয়ন৷