নতুন দিল্লী : কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী অনুৰাগ ঠাকুৰ অনন্য কৃতিত্বৰ অধিকাৰী হৈছে। তেওঁক টেৰিটৰিয়েল আৰ্মীৰ কেপ্টেইন পদলৈ পদোন্নতি দিয়া হৈছে। কাৰ্যনিৰ্বাহৰত অৱস্থাতে কেপ্টেইন পদলৈ পদোন্নতি লাভ কৰা ঠাকুৰ হৈছে প্ৰথমগৰাকী কেন্দ্ৰীয় মন্ত্ৰী।
আৰু পঢ়িব পাৰিব : ‘মহা শিৱৰাত্ৰি’ : শিৱসাগৰত চাৰিদিনীয়াকৈ উদযাপন শিৱৰাত্ৰীৰ…
অনুৰাগ ঠাকুৰক ১২৪ ইনফেণ্ট্ৰি বেটালিয়ন টেৰিটৰিয়েল আৰ্মী (শিখ)ৰ কেপ্টেইন পদলৈ পদোন্নতি দিয়া হৈছে। এই সন্মানজনক পদবী লাভৰ পাছত সাংবাদিকৰ আগত ঠাকুৰে কয়, ‘প্ৰাদেশিক সেনাৰ অংশ হ’বলৈ পাই মই সন্মান আৰু গৰ্ব অনুভৱ কৰিছোঁ। ১২৪শিখ ৰেজিমেণ্টৰ অংশ হোৱাটোও গৰ্বৰ কথা।’
আৰু পঢ়িব পাৰিব : পথ দুৰ্ঘটনাত থিতাতে নিহত ৮জনৰ : অনুসন্ধান অব্যাহত
তেওঁ লগতে কয়, ‘সেনাত সেৱা আগবঢ়োৱা মই আমাৰ পৰিয়ালৰ তৃতীয় প্ৰজন্ম। সংসদ আৰু সেনা দুয়োটাৰে অংশ হ’বলৈ পোৱাটো মোৰ কাৰণে গৰ্বৰ কথা। মই এনে এটা সমষ্টি তথা ৰাজ্যৰ পৰা আহিছোঁ য’ত প্ৰতি তিনিটা পৰিয়ালৰ এজনে সেনাত সেৱা কৰে। পৰমবীৰ চক্ৰৰে সন্মানিত দেশৰ প্ৰথমগৰাকী সেনা বিষয়া হিমাচল প্ৰদেশৰে আছিল।’
Leave A Comment