• নায়কৰ ৰূপত যতীন বৰাই আঙুৰলতাৰ হৈ চলালে নিৰ্বাচনী প্ৰচাৰ

    ৰাজনৈতিক
    নায়কৰ ৰূপত যতীন বৰাই আঙুৰলতাৰ হৈ চলালে নিৰ্বাচনী প্ৰচাৰ

    বটদ্ৰৱা : বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত আগভাগ লোৱা অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাক এইবাৰ দেখা গ'ল আঙুৰলতাৰ নিৰ্বাচনী ৰেলীত৷ আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা বটদ্ৰৱা সমষ্টিৰ বিজেপি প্ৰাৰ্থী আংগুৰলতা ডেকাই বৃহৎ ৰেলী উলিয়ায়।

    আৰু পঢ়িব পাৰিব : মছজিদৰ ভিতৰতেই হত্যাৰ চেষ্টা এজনকঃ কৰায়ত্ত ১

    আঙুৰলতাৰ কন্যা নমামীক লগত লৈ অভিনেতা যতীন বৰা আৰু পীয়ুয হাজৰীকাই অংশগ্ৰহণ কৰে। বটদ্ৰৱা সমষ্টিৰ কপাহেৰাৰ পৰা ৰেলী শুভাৰম্ভ কৰি সমষ্টিটোৰ বিভিন্ন অঞ্চলত ঘূৰি ধুপগুৰিত অন্তিম নিৰ্বাচনী সভা অনুষ্ঠিত কৰে। ইপিনে বটদ্ৰৱাত কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী শিৱামণি বৰাইয়ো বিশাল ৰেলীৰ আয়োজন কৰে।

    আৰু পঢ়িব পাৰিব : কৃষক মুক্তিৰ সংবাদমেল : বিবেক ভোটৰ আহ্বান মেধা পাটকাৰৰ

    সহস্ৰাধিক বাহনৰে সমষ্টিৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি নিৰ্বাচনী প্ৰচাৰ চলায় কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰাই। বৃহস্পতিবাৰে দিনৰ ১১ বজাৰ পৰা চলোৱা বিজেপিৰ ৰেলীত নায়কৰ ৰূপত দেখা যায় যতীন বৰাক৷ এনেদৰেই এতিয়া বিজেপিৰ নিৰ্বাচনী সভাত আগৰণুৱা হৈ প্ৰচাৰ চলোৱা দেখা গৈছে যতীন বৰাক।