• নিটি আয়োগৰ প্ৰতিবেদনঃ বিজেপি শাসিত ৰাজ্য দৰিদ্ৰ স্থানলৈ অৱনমিত!

    ৰাজনৈতিক
    নিটি আয়োগৰ প্ৰতিবেদনঃ বিজেপি শাসিত ৰাজ্য দৰিদ্ৰ স্থানলৈ অৱনমিত!

    ডিজিটেল ডেস্কঃ উন্নয়নৰ ফুলজাৰি মৰা বিজেপি চৰকাৰৰ উন্নয়নৰ আন এক ফোপোলা স্বৰূপ উদঙালে নিটি আয়োগে৷ ছবকা কা্ চাথ্ চবকা বিকাশ শ্লগানৰে জয়গান গোৱা বিজেপি চৰকাৰে নিটি আয়োগৰ শেহতীয়া প্ৰতিবেদনে উদঙালে উন্নয়নৰ ফটা ঢোল স্বৰূপ৷ বিজেপিশাসিত দেশৰ কেইবাখনো ৰাজ্য নিটি আয়োগৰ প্ৰতিবেদনত দৰিদ্ৰ ৰাজ্য হিচাপে স্থান লাভ কৰিছে৷





    দৰিদ্ৰ ৰাজ্যৰ ভিতৰত ৫২% প্ৰথম স্থান লাভ কৰিছে বিহাৰে৷ ৪২% দ্বিতীয় স্থান লাভ কৰিছে হেমন্ত চুৰেন নেতৃত্বাধীন ঝাৰখাণ্ডে৷ ৩৮% তৃতীয় স্থান লাভ কৰিছে উত্তৰ প্ৰদেশৰ যোগী চৰকাৰে৷ ৩৭% চতুৰ্থ স্থান লাভ কৰিছে মধ্য প্ৰদেশৰ শিৱৰাজ চৰকাৰে৷ আটাইকেইখন ৰাজ্যতে বৰ্তমান বিজেপি চৰকাৰৰ শাসিত৷ প্ৰতিবেদনত দেশৰ আঢ়ৈ কোটি লোক এতিয়াও দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে৷ নিটি আয়োগৰ ৰাষ্ট্ৰীয় বহুমুখী দৰিদ্ৰতা সূচক ৰাজ্যবিলাকৰ শিক্ষা, স্বাস্থ্য আৰু জীৱনৰ ওপৰত ভিত্তি কৰি প্ৰতিবেদন প্ৰস্তুত কৰিছিল আৰু আটাইকেইখন ৰাজ্যৰ মানদণ্ড একেবাৰে নিম্ন পৰ্যায়ৰ৷ উল্লেখ্য যে, নিম্নোক্ত এই ৰাজ্যকেইখন আধাতে শিক্ষা সামৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা সৰ্বাধিক৷ উল্লেখ্য যে, কেৰেলা, চিকিম, তামিলনাডু,পঞ্জাৱ স্থান সকলোতকৈ উন্নত৷