• নিৰ্বাচনত পালে মাত্ৰ এটা ভোট; ক’লৈ যাওঁ গোপাল, ক’লৈ যাওঁ কৃপাল অৱস্থা বিজেপি প্ৰাৰ্থীৰ

    ৰাজনৈতিক
    নিৰ্বাচনত পালে মাত্ৰ এটা ভোট; ক’লৈ যাওঁ গোপাল, ক’লৈ যাওঁ কৃপাল অৱস্থা বিজেপি প্ৰাৰ্থীৰ
    ডিজিটেল ডেস্ক : নিৰ্বাচনত কিদৰে জয়ী হ’ব লাগে সেইকথা বিজেপিতকৈ ভালকৈ জানে কোনে? সৰু-ডাঙৰ বুলি কথা নাই, যিকোনো নিৰ্বাচনতে বিজেপিয়ে নিজৰ সৰ্বশক্তিৰে অৱতীৰ্ণ হৈ আহিছে আৰু জয় আঁজুৰি আনিবলৈ সম্ভৱপৰ সকলো কৰি আহিছে। কিন্তু এইবাৰ এগৰাকী বিজেপি নেতাই নজিৰবিহীন ইতিহাস সৃষ্টি কৰিলে। নিৰ্বাচনত অৱতীৰ্ণ হৈ তেওঁ জয়ী হ’বতো নোৱাৰিলেই আনকি নিজৰ সন্মান ৰক্ষা কৰিবলৈও সক্ষম নহ’ল। নিৰ্বাচনত তেওঁ লাভ কৰা ভোটৰ সংখ্যা কিমান জানিলে আপোনাৰো পেটতে হাত-ভৰি লুকাব।

    তামিলনাডুৰ পৌৰ নিৰ্বাচনত এই নজিৰবিহীন পৰিস্থিতিৰ সৃষ্টি হ’ল বিজেপিৰ প্ৰাৰ্থীগৰাকী। চেন্নাইৰ ইৰোডৰ পৰা স্থানীয় পৌৰনিগমৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিজেপি প্ৰাৰ্থী নৰেন্দ্ৰনে লাভ কৰিলে মাত্ৰ এটা ভোট। ভবানীসাগৰ এলেকাৰ ৱাৰ্ড নং ১১ত প্ৰতিদ্বন্দ্বিতা কৰা বিজেপি প্ৰাৰ্থী নৰেন্দ্ৰনে ১টা ভোট লাভ কৰাৰ পাছতে তেওঁৰ অৱস্থা হৈছে ক’লৈ যাওঁ গোপাল, ক’লৈ যাওঁ কৃপাল সদৃশ। নিৰ্বাচনৰ পাছত ভোটগণনা কৰাৰ সময়ত পোহৰলৈ আহে যে, প্ৰাৰ্থীগৰাকীৰ পৰিয়ালৰ লোক, আত্মীয় স্বজন, বন্ধু-বান্ধৱ কোনেও তেওঁক ভোট নিদিলে।

    বিজেপি প্ৰাৰ্থী নৰেন্দ্ৰন ডিএমকে প্ৰাৰ্থীৰ হাতত পৰাজিত হয়। ৱাৰ্ডটোৰ ১৬২টা ভোটৰ ভিতৰত তেওঁ লাভ কৰে ৮৪টা ভোট। উল্লেখ্য যে, তামিলনাডুৰ ২১টা নিগম, ১৩৮টা নগৰ পালিকা আৰু ৪৮৯টা নগৰ পঞ্চায়তৰ ১২,৫০০ৰো অধিক ৱাৰ্ডৰ বাবে ১৯ ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হৈছিল। এই নিৰ্বাচনত শাসকীয় ডিএমকে দলে চমকপ্ৰদ বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে।

    নিৰ্বাচনত হৰা-জিকা নতুন কথা নহয়, কিন্তু বিজেপিৰ এজন প্ৰাৰ্থীয়ে এটা ৱাৰ্ডত মাত্ৰ এটাহে ভোট পোৱাটোক লৈ আমোদৰ সৃষ্টি হৈছে।