Automobiles
The Jimny has a 1.5-litre petrol engine and may be purchased through a subscription plan for an all-inclusive monthly charge starting at 33,550.
গোলাঘাট : প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাত্ৰ ৪দিন বাকী থকা অৱস্থাত বিভিন্ন প্ৰান্তত নিৰ্বাচনী হিংসাই ভয়ংকৰ ৰূপ লৈছে৷ গোলাঘাটৰ খুমটাই সমষ্টিৰ অন্তৰ্গত হাতীয়েখোৱাত নিৰ্বাচনী হিংসাত কংগ্ৰেছ কৰ্মী গুৰুতৰভাৱে আহত হয়৷
আৰু পঢ়িব পাৰিব : ‘কা’ বলবৎ হ’বই ! বিজেপিৰ ১০টা বিশেষ সংকল্প প্ৰকাশ জে পি নড্ডাৰ
জানিব পৰা মতে কংগ্ৰেছৰ দক্ষিণ গুৰুযোগোনীয়া মণ্ডলৰ সভাপতি ৰণ্টু দত্তক বিজেপি কৰ্মীৰ দ্বাৰা প্ৰহাৰৰ অভিযোগ উত্থাপন হৈছে। নিৰ্বাচনী প্ৰচাৰ চলাই ঘৰলৈ গৈ থকা অৱস্থাত ১৫- ১৬জনীয়া যুৱকৰ দলে ৰডেৰে প্ৰহাৰ কৰে ৰণ্টু দত্তক। যুৱকৰ দলটোৱে প্ৰহাৰ কৰিয়ে সেই স্থানৰ পৰা পলায়ন কৰে।
আৰু পঢ়িব পাৰিব : পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি : দাৰ ঘাপত আহত দুজন
আঘাতপ্ৰাপ্ত ৰণ্টু দত্তক গোলাঘাট অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। খুমটাই সমষ্টিটোত কংগ্ৰেছ কৰ্মীক বাৰে বাৰে আক্ৰমণ কৰাক লৈ বিজেপিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী বিস্মিতা গগৈয়ে।
Leave A Comment