• নিৰ্বাচনী হিংসা : প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনাই গুলীচালনা, আক্ৰমণ !

    ৰাজনৈতিক
    নিৰ্বাচনী হিংসা : প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনাই গুলীচালনা, আক্ৰমণ !

    কলকাতা : পশ্চিমবংগতো আজিৰেপৰা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ হয়৷ ভোটগ্ৰহণৰ সময়তে পূব মিডনাপুৰ জিলাৰ কণ্টাই চহৰত সংঘটিত হয় নিৰ্বাচনী হিংসা৷ বিজেপি প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ ভাতৃ ছমেন্দু অধিকাৰীক আক্ৰমণ কৰে তৃণমূল কংগ্ৰেছৰ কৰ্মীয়ে৷





    আৰু পঢ়িব পাৰিব : মৰিয়নিত অব্যাহত ভোটগ্ৰহণঃ ভোটপ্ৰদান ৰূপজ্যোতিৰ





    এই আক্ৰমণ টিএমচি কৰ্মীয়ে কৰাৰ অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে৷ নিৰ্বাচন কেন্দ্ৰৰপৰা ওভতাৰ পথতে এই ঘটনাৰ সন্মুখন হয় ছমেন্দু অধিকাৰী৷ ঘটনাত গুৰুতৰভাৱে আহত হয় গাড়ীচালকজন৷





    আৰু পঢ়িব পাৰিব : ভিন্নস্থানত ইভিএমৰ বিসংগতি : ঘন্টাজুৰি অপেক্ষা প্ৰাৰ্থী-ভোটাৰ !





    আনহাতে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়ত পূব মেদিনীপুৰত জিলাত শনিবাৰে পুৱা সংঘটিত হয় গুলীচালনাৰ ঘটনা৷ এই গুলীচালনাত ২জন নিৰাপত্তাৰক্ষী আহত হয়৷ ইয়াৰ উপৰি মেদিনীপুৰত উদ্ধাৰ বিজেপি কৰ্মীৰ মৃতদেহ৷