• নিৰ্বাচনী ৰণকৌশল ! বিহুৰ পাছতে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী !

    ৰাজনৈতিক
    নিৰ্বাচনী ৰণকৌশল ! বিহুৰ পাছতে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী !

    গুৱাহাটী : আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰস্তুত কৰিছে ৰোড মেপ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়া মতে ২৩ জানুৱাৰীত অসমলৈ আহিব পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণে বিজেপিৰ নিৰ্বাচনী ৰণকৌশলক চূড়ান্ত ৰূপ দিব বুলি ধাৰণা কৰা হৈছে৷





    আৰু পঢ়িব পাৰিব : পিঠিৰ বিষত ঠিয় হ’ব পৰা নাছিল অশ্বিন, তাৰ পাছতো ৩ ঘণ্টা বেটিং…





    ইপিনে অহা ২৪ জানুৱাৰীত অসমলৈ অহাৰ পূৰ্ণ সম্ভাৱণা আছে গৃহমন্ত্ৰী অমিত শ্বাহো৷ নলবাৰী আৰু কোকৰাঝাৰত বিজেপিৰ বিশাল জনসভাত অংশগ্ৰহণ কৰাৰ সম্ভাৱণা আছে৷





    সোমবাৰে অসমত উপস্থিত হোৱা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ সৈতে নিশা সম্পন্ন হোৱা মাৰাথন বৈঠকত নিৰ্বাচনী ৰণকৌশল প্ৰস্তুতিৰ সম্পৰ্কত বহু গুৰুত্বপূৰ্ণ আলোচনাত বহে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসকে ধৰি বহু দলীয় শীৰ্ষ নেতা৷





    আৰু পঢ়িব পাৰিব : পথ-গাড়ীবিহীন চহৰ নিৰ্মাণৰ পৰিকল্পনা ছৌদি ৰাজকুমাৰৰ





    আনহাতে, নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰদান প্ৰক্ৰিয়া প্লেন এণ্ড চিম্পল প্ৰক্ৰিয়া হোৱাৰ লগতে এইবাৰ নতুন মুখ দেখা পোৱাৰ ইংগিত দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ১৮জানুৱাৰীৰ পৰা নিৰ্বাচনলৈকে সপ্তাহত দুটাকৈ সমষ্টিত চাইকেল ৰেলী কৰিব হিমন্ত বিশ্ব শৰ্মাই।