Lifestyle
Wednesday: 4/12/2024…
Digital Desk: Aries (March 21-April 19):
গুৱাহাটীঃ নিৰ্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰ লগে লগে নিৰ্বাচন আয়োগে বিশেষ নিৰ্দেশনা জাৰি কৰিছে৷ অনুজ্ঞাপত্ৰ থকা কোনোধৰণৰ মাৰণাস্ত্ৰ লগত ৰাখিব নোৱাৰিব গৰাকীয়ে৷ শীঘ্ৰে স্থানীয় আৰক্ষীক জমা দিব লাগিব অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰ৷
আৰু পঢ়িব পাৰিব : মুখ্য নিৰ্বাচন আয়ুক্তই প্ৰকাশ কৰিলে নিয়ম নিৰ্দেশনা, জানক সবিশেষ…
গুৱাহাটীত মজুত আছে ১,৩৬৪টা অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰ৷ এই পৰ্যন্ত প্ৰায় ১২০০টা মাৰণাস্ত্ৰ জমা হৈছে গুৱাহাটীৰ থানসমূহত৷ ৫০ হাজাৰতকৈ অধিক নগদ ধন লৈ ঘূৰিব নোৱাৰিব সাধাৰণ জনতাই৷ ৫০ হাজাৰতকৈ অধিক নগদ ধন হাতত থাকিলে লাগিব প্ৰয়োজনীয় নথী-পত্ৰ। ইয়াৰ উপৰি নগদ ধনৰ উৎস দেখুৱাব লাগিব আৰক্ষীক৷
আৰু পঢ়িব পাৰিব : কি হৈছিল ‘বিগ বি’ৰ : উৎকণ্ঠিত অনুৰাগীলৈ আহিল খবৰ
সুৰা সৰবৰাহতো নিশেধাজ্ঞা জাৰি কৰিছে নিৰ্বাচনী আয়োগে৷ নিৰ্দেশনা ভংগকাৰীক ৰুধিবলৈ সমগ্ৰ ৰাজ্যত গঠন কৰা হৈছে ‘ফ্লাইং স্কোৱাড’। প্ৰতিখনটো সমষ্টিত থাকিব ১২টাকৈ ‘ফ্লাইং স্কোনাড’৷ গুৱাহাটীৰ চাৰিটা সমষ্টিৰ বাবে মহানগৰ জিলাটো গঠন কৰা হৈছে ১২টা ‘ফ্লাইং স্কোৱাড’৷ জিলা প্ৰশাসন, আৰক্ষী আৰু আবকাৰী বিষয়াৰে গঠন কৰা হৈছে এই ‘ফ্লাইং স্কোৱাড’।
Leave A Comment