• নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ বৈঠক : চূড়ান্ত হ’ব পাৰে বিধানসভা নিৰ্বাচনৰ দিন !

    ৰাজনৈতিক
    নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ বৈঠক : চূড়ান্ত হ’ব পাৰে বিধানসভা নিৰ্বাচনৰ দিন !

    নতুন দিল্লী : দেশৰ বহুকেইখন ৰাজ্যত সমাগত বিধানসভা নিৰ্বাচন৷ এই বিধানসভা নিৰ্বাচনৰ বাবে আজি নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব৷ অসমসহ ৫খন ৰাজ্যৰ নিৰ্বাচন সন্দৰ্ভত আলোচনা হ’ব৷ এই আলোচনাত বহুকেইটা গুৰুত্বপূৰ্ণ দিশ উল্লেখ কৰিব নিৰ্বাচন সম্পৰ্কত৷





    আৰু পঢ়িব পাৰিব : ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা লাভ কৰিলে গুৰুত্বপূৰ্ণ নথি-পত্ৰ…





    ইফালে এই বৈঠকতে বিধানসভা নিৰ্বাচনৰ দিন চূড়ান্ত হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে৷ লগতে মাৰ্চৰ প্ৰথম সপ্তাহতে নিৰ্বাচনসূচী ঘোষণা কৰাৰো প্ৰচুৰ সম্ভাৱনা আছে৷ অসমৰ লগতে তামিলনাডু, পশ্চিমবংগ, কেৰালা, পুডুচেৰীত হ’ব বিধানসভা নিৰ্বাচন৷





    আৰু পঢ়িব পাৰিব : হাজোত মীন মন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ





    ইতিমধ্যে আটাইকেইখন ৰাজ্যতে তীব্ৰগতিত বৃদ্ধি পাইছে নিৰ্বাচনী প্ৰচাৰ অভিযানো৷ ৰাষ্ট্ৰীয় তথা আঞ্চলিক ৰাজনৈতিক দলসমূহেও সমান্তৰালখে চলাইছে নিৰ্বাচনী প্ৰচাৰ