comScore
  • পঞ্জাবত নিৰ্বাচনী প্ৰচাৰত দুই ভাতৃৰ যুঁজ

    ৰাজনৈতিক
    পঞ্জাবত নিৰ্বাচনী প্ৰচাৰত দুই ভাতৃৰ যুঁজ
    ডিজিটেল ডেস্কঃ পঞ্জাব নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰৰ যুঁজ। তাৰ মাজতে পঞ্জাব কংগ্ৰেছত মতবিৰোধ সৃষ্টি হোৱা দেখা গৈছে কিয়নো শনিবাৰে পঞ্জাব বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ প্ৰথমখন তালিকাত নাম বাদ পৰিছিল মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীৰ ভাতৃৰ। সেয়েহে মুখ্যমন্ত্রীৰ ভাতৃ মনোহৰ সিঙে এতিয়া বাচীপাঠনা (এছচি) সমষ্টিৰ পৰা নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছে।

    ৮৬ জন প্ৰাৰ্থীৰ প্ৰথমখন তালিকাত কংগ্ৰেছে শনিবাৰে বাচীপাঠনা সমষ্টিৰ পৰা দলৰ বিধায়ক গুৰুপ্ৰীত সিং জিপি'ক টিকট প্ৰদান কৰে। মনোহৰ সিঙে গুৰপ্ৰীত সিং জিপি'ক টিকট দিয়া বাবে কংগ্ৰেছৰ এই সিদ্ধান্তক কঠোৰ সমালোচনা কৰে। সমষ্টিটোৰ জনসাধাৰণৰ সৈতে এক অন্যায় কৰা বুলিও অভিহিত কৰে আৰু অভিযোগ কৰে যে বৰ্তমানৰ বিধায়কজন অক্ষম আৰু কাৰ্যকৰী নহয়। বাচী পাঠনা অঞ্চলৰ কেইবাজনো বিশিষ্ট লোকে মনোহৰ সিঙক স্বতন্ত্ৰ হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আহ্বান কৰিছে আৰু তেওঁলোকে যি কৈছে মনোহৰে অৰ্থাৎ মুখ্যমন্ত্রীৰ ভাতৃয়ে সেই অনুসৰি কাম কৰিব বুলি হুংকাৰ দিয়ে। সেই সিদ্ধান্তৰ পৰা তেওঁ উভতি যোৱাৰ কোনো সম্ভাৱনা নাই বুলিও স্পষ্ট কৰে। ইয়াকে লৈ গভীৰ চিন্তাত মনোহৰৰ ভাতৃ তথা মুখ্যমন্ত্রী চৰণ জিৎ সিং চান্নী।

    আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ ‘এক পৰিয়াল-এক টিকট’ সূত্ৰসন্দৰ্ভত চান্নীয়ে কয় যে দলটোৱে ফিল্লৌৰ আসনৰ পৰা জলন্ধৰৰ সাংসদ সন্তোখ সিং চৌধুৰীৰ পুত্ৰ বিক্ৰমজিৎ সিং চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰে।
    একেদৰে, ফতেহগড় চাহিবৰ সাংসদ অমৰ সিঙৰ পুত্ৰ কামিল অমৰ সিঙক ৰায়কোট আসনৰ পৰা টিকট দিয়া হৈছে, তেওঁ কয়।

    এই সন্দৰ্ভত মুখ্যমন্ত্রী চৰণ জিৎ সিং চান্নীয়ে কয় যে কংগ্রেছত এয়া কেৱল অভিনৱ সংযোজন। ‘এক পৰিয়াল-এক টিকট’ এই নীতিতে এতিয়া কংগ্রেছ দলে নতুন ৰূপত চলিব। কিন্তু মুখ্যমন্ত্রীৰ এই মন্তব্যক আগুৰি ধৰিলে পঞ্জাব বিজেপিয়ে।
    scatter hitamslot thailandmpo slotsv388sabung ayam onlinemahjong ways 2agen bolasabung ayam onlineindojawa88akun pro thailandslot777link sabung ayam onlinesitus sabung ayam online 24 jambocoran scatter hitamlive casino onlinelink mahjong ways 2 terbaruscatter hitam mahjong wins 3link sbobetsabung ayam online terpercayasitus mix parlayakun vipsabung ayam online resmihttps://baliprodesign.com/ https://www.bhumisangtu.com/auth/dex/https://www.satudatadesa.com/https://www.bhumisangtu.com/auth/dir/https://www.bhumisangtu.com/auth/dist/https://scop3group.com/bin/lang/https://scop3group.com/bin/text/https://scop3group.com/bin/core/https://ipmmakassar.or.id/lib/h5p/Link Demo Mahjong Ways 2link agen sbobet loginLink Agen Sabung Ayam Onlinesbobetscatter hitamsv388mix parlaysabung ayam onlinesitus slot thailandLive Casino OnlineScatter HitamSV388Mix ParlaySlot88SV388Agen SBOBETSlot777 Scatter HitamSabung Ayam Wala MeronAgen Mix ParlayScatter HitamSV388sv388slot gacoragen sabung ayamsabung ayam onlineindojawa88sabung ayam onlineagen judi bola onlinemahjong ways