Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
চণ্ডীগড় : কৃষি আইনবিৰোধী কৃষকৰ দীঘলীয়া প্ৰতিবাদে কেন্দ্ৰৰ বিজেপি চৰকাৰক ব্যতিব্যস্ত কৰি ৰখাৰ সময়তে এইবাৰ পঞ্জাবৰ পৰা আন এক দুঃখবৰ আহিছে বিজেপিলৈ। পঞ্জাবৰ পৌৰ নিগমৰ নিৰ্বাচনত কংগ্ৰেছে বৃহৎ জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে।
আৰু পঢ়িব পাৰিব : জম্মু-কাশ্মীৰত উপস্থিত কুৰিজনীয়া বিদেশী ৰাষ্ট্ৰদূতৰ দল
সাতখন মিউনিচিপাল কৰ্প’ৰেচনৰ বাবে হোৱা নিৰ্বাচনত ছখনতে বিজয় সাব্যস্ত কৰিছে কংগ্ৰেছে। মোগা, হোছিয়াৰপুৰ, কাপুৰথালা, অবোহাৰ, পাঠানকোট আৰু ভাতিণ্ডাত বিজয়ী হৈছে কংগ্ৰেছ। মন কৰিবলগীয়া যে, ৫৩বছৰ পাছত ভাতিণ্ডা পৌৰনিগম নিজৰ দখললৈ নিবলৈ সক্ষম হৈছে কংগ্ৰেছে।
আৰু পঢ়িব পাৰিব : এইবাৰ মন্ত্ৰীৰ বিৰুদ্ধে অপপ্ৰচাৰ ৱেব প’ৰ্টেলৰ, কঠোৰ আৰক্ষী
ভাতিণ্ডা লোকসভা সমষ্টিটোক প্ৰতিনিধিত্ব কৰি আছে শিৰোমণি আকালি দলৰ হৰছিমৰাত বাদলে। বিজেপিৰ দীৰ্ঘকালৰ সহযোগী দলটোৱে কৃষি আইনৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰি এনডিএ চৰকাৰৰ পৰা আঁতৰি আহিছিল। কৃষি আইনবিৰোধী প্ৰতিবাদৰ মাজতে বিজেপিৰ বাবে এই ফলাফল আন এক আঘাত হিচাপে বিবেচিত হৈছে।
Leave A Comment