• পুনৰ ফেচবুকত বিধায়ক আমিনুলৰ বিতৰ্কিত মন্তব্য

    ৰাজনৈতিক
    পুনৰ ফেচবুকত বিধায়ক আমিনুলৰ বিতৰ্কিত মন্তব্য

    লাহৰীঘাটঃ দেশত কৰ’না মহামাৰীয়ে সংহাৰৰ সৃষ্টি কৰিছে। বিশ্বজুৰি চলা মৃত্যুৰ কিৰিলিত শোকস্তব্ধ জনতা! মৃতকৰ পৰিয়ালক সমবেদনা জনোৱাৰ বাদে জনতাৰ হাতত অন্য আৰু উপাই নাই। কিন্তু এনে সময়তে কৰ’নাক্ৰান্ত হৈ মৃত্যু হোৱা সাংবাদিকক লৈয়ো ফেচবুকত জঘন্য মন্তব্য ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ।





    আৰু পঢ়িব পাৰিব কৰ’নাক্ৰান্ত হৈ সংগীতশিল্পী-অধ্যাপিকা ড০ বিজয়লক্ষ্মী দাসৰ মৃত্যু





    কৰ’নাত আক্ৰান্ত হৈ সাংবাদিকৰ মৃত্যু হোৱা বতৰাই আমিনুলৰ অন্তৰত দিছে হেনো আনন্দ। কৰ’নাত সাংবাদিক মৃত্যু হোৱাৰ কাৰণ বিছাৰি পাইছে আমিনুল ইছলামে।





    আৰু পঢ়িব পাৰিব ‘আপোনাৰ ভৰিত ধৰিছোঁ, মোৰ মাক বচাওক…’ ৰাজপথত কাৰ বিননি?





    বিগত বৰ্ষত তবলিগ জামাতী, আলিম উলেমাক সাংবাদিক আৰু এংকৰে বেয়া মন্তব্য কৰিছিল আৰু তাৰ পাপৰ ফলতে এইবাৰ সাংবাদিকগৰাকীৰ মৃত্যু ঘটিছে বুলি মন্তব্য বিধায়কগৰাকীৰ।