• পুষ্কৰ সিং ধামী উত্তৰাখণ্ডৰ নতুন মুখ্যমন্ত্ৰী, আজি শপত

    ৰাজনৈতিক
    পুষ্কৰ সিং ধামী উত্তৰাখণ্ডৰ নতুন মুখ্যমন্ত্ৰী, আজি শপত

    ডেৰাডুন : উত্তৰাখণ্ডৰ বিজেপি চৰকাৰৰ নেতৃত্ব দিবলৈ নিযুক্ত হ’ল তৃতীয়গৰাকী নেতা। এটা কাৰ্যকালৰ মাজভাগতে তৃতীয়গৰাকী মুখ্যমন্ত্ৰীয়ে চলাব উত্তৰাখণ্ডৰ চৰকাৰ। মুখ্যমন্ত্ৰী তিৰথ সিং ৰাৱটৰ আকস্মিক পদত্যাগৰ পাছত পুষ্কৰ সিং ধামীক ৰাজ্যখনৰ একাদশ মুখ্যমন্ত্ৰীৰূপে অভিষিক্ত কৰিবলৈ আগবাঢ়িছে বিজেপি।





    আজি দিনৰ ভাগত বিজেপিৰ বিধায়ক দলৰ বৈঠকত তেওঁৰ নাম মুখ্যমন্ত্ৰী হিচাপে বাছনি কৰা হয়। বিয়লি তিনি বজাৰ পৰা কেন্দ্ৰীয় পৰ্যবেক্ষক নৰেন্দ্ৰ টোমৰ আৰু প্ৰদেশ প্ৰভাৰী দুষ্যন্ত কুমাৰ গৌতমৰ উপস্থিতিত সম্পন্ন কৰা হয়। কেন্দ্ৰীয় পৰ্যবেক্ষকে প্ৰকাশ কৰে যে, বৈঠকত একক আৰু সৰ্বসন্মতভাৱে পুষ্কক সিং ধামীৰ নাম গৃহীত কৰা হয়। বিজেপিয়ে ভালেকেইগৰাকী জ্যেষ্ঠ নেতাক একাষৰীয়া কৰি যুৱ নেতাক এই গুৰুদায়িত্ব অৰ্পন কৰিছে।





    আজিয়েই ৰাজভৱনত তেওঁ মুখ্যমন্ত্ৰীৰ শপত লোৱাৰ সম্ভাৱনা আছে। ধামী উত্তৰাখণ্ডৰ খটিমা বিধানসভা সমষ্টিৰ বিধায়ক। ১৯৭৫চনত জন্মগ্ৰহণ কৰা ধামী আৰএছএছৰ অনুগত বুলি জনা যায়। উল্লেখ্য যে, কালি মাজনিশা আকস্মিকভাৱে পদত্যাগ কৰিছিল কেইমাহমান আগতে মুখ্যমন্ত্ৰীৰ আসনত বহা তিৰথ সিং ৰাৱটে।


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor