• পৌৰ নিৰ্বাচনত বিজেপিয়ে কৰিছে ভয়-ভাবুকি, চৰিত্ৰহননৰ ৰাজনীতি; সাংসদ খালেকৰ বিস্ফোৰণ

    ৰাজনৈতিক
    পৌৰ নিৰ্বাচনত বিজেপিয়ে কৰিছে ভয়-ভাবুকি, চৰিত্ৰহননৰ ৰাজনীতি; সাংসদ খালেকৰ বিস্ফোৰণ
    ডিজিটেল ডেস্ক: ৰাজ্যৰ পৌৰসভা নিৰ্বাচন আৰু মাজুলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকে এক চাঞ্চল্যকৰ মন্তব্য কৰিছে৷ তেওঁ কৈছে, ‘পৌৰ নিৰ্বাচনত ভয়-ভাবুকি, চৰিত্ৰহননৰ ৰাজনীতি চলিছে৷’ বিজেপিয়ে পৌৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা মহিলা প্ৰাৰ্থীৰ চৰিত্ৰহননত নামি পৰিছে বুলি মন্তব্য সাংসদ আব্দুল খালেকৰ৷ তেওঁ লগেত কয় যে, গণতন্ত্ৰ বৰ্তাই ৰখাতো সকলোৰে দায়িত্ব৷ এনে প্ৰৱণতা গণতন্ত্ৰৰ বাবে ভাবুকিস্বৰূপ বুলি তেওঁ উল্লেখ কৰে৷

    অলপতে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলযোগে আগন্তুক পঞ্চায়ত নিৰ্বাচনত প্ৰতীক প্ৰত্যাহাৰ কৰি নিৰ্বাচন অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰিছিল৷ মুখ্যমন্ত্ৰীৰ সেই ঘোষণাৰ প্ৰতিক্ৰিয়াস্বৰূপে সাংসদ খালেকে এই প্ৰক্ৰিয়া পৌৰ নিৰ্বাচনতে প্ৰযোজ্য কৰিব লাগিছিল বুলি মন্তব্য কৰে৷

    মাজুলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ সন্দৰ্ভত মন্তব্য কৰি খালেকে মাজুলীৰ বিজেপি প্ৰাৰ্থীগৰাকী সৰ্বানন্দ সোণোৱালৰ প্ৰকৃত উত্তৰসুৰী হয় নে বুলি প্ৰশ্ন কৰে৷ শিক্ষা বিভাগত বহিঃৰাজ্যৰ প্ৰাৰ্থীৰ নিযুক্তিক লৈয়ো প্ৰতিক্ৰিয়া ব্যক্ত কৰে কংগ্ৰেছ সাংসদগৰাকীয়ে৷ ন্যূনতম ৮০ শতাংশ চাকৰি অসমৰ থলুৱা নাগৰিকৰ বাবে সংৰক্ষণৰ দাবী উত্থাপন কৰে আব্দুল খালেকে৷ চৰকাৰী-বেচৰকাৰী উভয় খণ্ডতে এই নীতি প্ৰযোজ্য হ’ব লাগে বুলি তেওঁ মন্তব্য কৰে৷

    বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছৰ সাংসদগৰাকীয়ে অসমত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰাৰো দাবী সাংসদ খালেকৰ৷ অসমৰ ভূমি বহিৰাগত পুঁজিপতিৰ হাতত লীজত দিয়া প্ৰসংগত মন্তব্য কৰি সাংসদগৰাকীয়ে সকলোৱে এই কাৰ্যৰ সমস্বৰে প্ৰতিবাদ কৰা উচিত বুলি মন্তব্য কৰে৷ তেওঁ লগতে কয়, উদ্যোগীকৰণৰ বাবে ভূমি আবণ্টনত আপত্তি নাই৷ কিন্তু, উদ্যোগ স্থাপনৰ বাবে চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলি তেওঁ উল্লেখ কৰে৷

    মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ অসম আৰক্ষীয়ে পঞ্জীয়ন নকৰা বিষয়টোতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদগৰাকীয়ে৷ তেওঁ কয়, আইনৰ শাসন প্ৰৱৰ্তাই ৰখাতো মুখ্যমন্ত্ৰীৰ দায়িত্ব৷ FIR পঞ্জীয়ন নকৰাটো CRPCৰ পৰিপন্থী বুলি তেওঁ মন্তব্য কৰে৷ ইতিমধ্যে বিষয়টো সংসদৰ মজিয়াতো উত্থাপন কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে৷