• প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে চ'চিয়েল মিডিয়াত প'ষ্ট কৰি গ্ৰেপ্তাৰ যোৰহাটৰ যুৱক

    ৰাজনৈতিক

    যোৰহাট : এইবাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে চ'চিয়েল মিডিয়াত প'ষ্ট কৰি গ্ৰেপ্তাৰ হ'ল যোৰহাটৰ যুৱক৷ যুৱকজন হৈছে যোৰহাটৰ পুব বঙালপুখুৰীৰ বাসিন্দা অভিলাষ দত্ত৷ দেশৰ প্ৰধান মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে নিজৰ ফেচবুক একাউন্টত প'ষ্ট দিছিল যুৱকজনে৷

    যুৱকজন যোৰহাটৰ উপায়ুক্ত কাৰ্য্যালয়ৰ কৰ্মচাৰী৷ বিনয় কুমাৰ লিখক নামৰ এজন ব্যক্তিৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক৷

    যুৱকজনে নৰেন্দ্ৰ মোদীক ট'ল কৰি দিয়া এটা পোষ্ট শ্বেয়াৰ কৰিছিল আৰু পোষ্টটোৰ ওপৰত কিছু অশালীন মন্তব্য দাঙি ধৰিছিল৷ যাৰ ফল স্বৰূপে যুৱকজনৰ ওপৰত গোচৰ ৰুজু হয় আৰু যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক৷

    Weather Forecast