Sports
Former India cricketer Salim Durani passed away on Sunday at the age of 88. The Kabul-born cricketer was known for his slow, left-arm orthodox style and hitting ability as a batsman...
নতুন দিল্লী : অচিৰেই ব্যাপক পৰিৱৰ্তন আহিব দেশৰ ৰাজনীতিত! এইবাৰ নতুন পৰিকল্পনা আৰু কৌশলেৰে আৰম্ভ হ’ব কংগ্ৰেছৰ পুনৰুত্থান যাত্ৰা। এই যাত্ৰাৰ নেতৃত্ব দিবলৈ সাজু হৈছে এজন বিশেষ পৰামৰ্শদাতা। শীঘ্ৰেই কংগ্ৰেছৰ হাতত ধৰিব দেশৰ ৰাজনীতিৰ ‘মিৰাকল মেন’ প্ৰশান্ত কিশোৰে। শেহতীয়া পৰিস্থিতিয়ে এই সম্ভাৱনা প্ৰকট কৰি তুলিছে। কংগ্ৰেছৰে কেইবালানি আলোচনাৰ পাছত এয়া প্ৰায় নিশ্চিত হৈছে আৰু কংগ্ৰেছ সভাপতি ছোনিয়া গান্ধীয়ে এই সম্পৰ্কত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব বুলি প্ৰকাশ পাইছে। দেশৰ আটাইতকৈ চৰ্চিত, প্ৰভাৱশালী আৰু সফল ৰাজনৈতিক কৌশল নিৰ্ধাৰক বুলি পৰিচিত প্ৰশান্ত কিশোৰে ৰাহুল, ছোনিয়া আৰু প্ৰিয়ংকা গান্ধীৰ সৈতে জুলাই মাহত কেইবালানি আলোচনাত অংশ লৈছে। ৰাহুল-প্ৰিয়ংকাৰে উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ বাবে প্ৰশান্ত কিশোৰে ইতিমধ্যে কাম কৰাৰ পৰিপ্ৰেক্ষিতত দুয়োগৰাকী নেতাৰ প্ৰশান্ত কিশোৰৰ কংগ্ৰেছ আগমনক লৈ কোনো আপত্তি নাই। অৱশ্যে একাশ জ্যেষ্ঠ নেতাই এই সিদ্ধান্তক বিৰোধ কৰা বুলি জানিব পৰা গৈছে। এনে পৰিপ্ৰেক্ষিতত ছোনিয়া গান্ধীৰ সিদ্ধান্তই এইক্ষেত্ৰত শেষ সিদ্ধান্ত হ’ব।
কিশোৰে ইতিমধ্যে কংগ্ৰেছৰ ৰাজহুৱা সভা, বিৰোধীৰে বৈঠক অনুষ্ঠিত কৰা আদিৰ কিছুমান কৌশল আৰু পৰিকল্পনা যুগুতাই দিয়া বুলি প্ৰকাশ পাইছে। কিন্তু এতিয়াও প্ৰশান্ত কিশোৰৰ ‘ৱাইল্ড কাৰ্ড এণ্ট্ৰী’ক সাগ্ৰহে গ্ৰহণ কৰা নাই একাংশ জ্যেষ্ঠ নেতাই। তেওঁলোকৰ একাংশৰ মতে প্ৰশান্ত কিশোৰৰ হাতত কোনো যাদুদণ্ড নাই।
দেশৰ ৰাজনীতিৰ ভালেকেইখন শ্বসৰুদ্ধকৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা প্ৰশান্ত কিশোৰ যদি সঁচাকৈয়ে কংগ্ৰেছলৈ আহে তেন্তে অতি পুৰণি এই দলটোৰ প্ৰথা-পৰম্পৰা তথা জ্যেষ্ঠ নেতাসকলৰ অহমিকা ভাঙি নতুনৰ বা বৱাব পাৰিব নে নাই সেয়াও এক ডাঙৰ প্ৰশ্ন। অৱশ্যে আহমদ পেটেলৰ মৃত্যুৰ পাছত এগৰাকী পৰামৰ্শদাতাৰ সন্ধানত থকা ছোনিয়া গান্ধীয়ে প্ৰশান্ত কিশোৰক তেওঁৰ কাষত ৰাখি ২০২৪লৈ শক্তিশালীভাৱে আগবঢ়াৰ পোষকতা কৰাৰে সম্ভাৱনা অধিক বিবেচিত হৈছে। প্ৰশান্ত কিশোৰৰ দিগ নিৰ্দেশনাই ২০২৪ৰ নিৰ্বাচনত দেশৰ পৰিৱৰ্তিত ৰাজনৈতিক গতিপথৰপৰা ক্ৰমাত পিছলি পৰিবলৈ ধৰা কংগ্ৰেছৰ খোজ কিমান দৃঢ় কৰিব বা শাসকীয় বিজেপিৰ বাবে কিমান প্ৰত্যাহ্বান সৃষ্টি কৰিব সেয়া লক্ষ্যণীয় হ’ব।
Leave A Comment