• প্ৰিয়ংকাৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম বাংলাদেশত হ’বঃ হিমন্ত

    ৰাজনৈতিক
    প্ৰিয়ংকাৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম বাংলাদেশত হ’বঃ হিমন্ত

    গুৱাহাটী : ‘প্ৰিয়ংকাৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম বাংলাদেশত হ’ব'- এই মন্তব্য অসমৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ৷ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণক লৈ কটাক্ষ অসমৰ স্বাস্থ্যমন্ত্ৰীগৰাকীৰ৷ তেওঁ কয়, ‘চাৰ্টাৰ্ড ফ্লাইটত অহা নেত্ৰীয়ে কি চলাব চাইকেল? সাহস আছে যদি ২৫ কিমি. চাইকেল চলাই দেখুওৱাক৷'





    আৰু পঢ়িব পাৰিব : সুখবৰ : দেশত অতিশীঘ্ৰেই পেট্ৰ’ল আৰু ডিজেলৰ আবকাৰী শুল্ক হ্ৰাস হ’ব





    আজি অসমৰ কৃষিমন্ত্ৰী অতুল বৰাৰ ঘৰত অনুষ্ঠিত বিজেপিৰ নিৰ্বাচনী বৈঠকত উপস্থিত হৈ হিমন্তই এনেদৰে সমালোচনা কৰে প্ৰিয়ংকা গান্ধীক৷ আনহাতে অজাপৰ সভাপ্ৰতি লুৰিণজ্যোতি গগৈক আক্ৰমণৰ ঘটনাক লৈয়ো প্ৰতিক্ৰিয়া আগবঢ়ায় তেওঁ৷





    আৰু পঢ়িব পাৰিব : বিশ্বনাথৰ চাহ বাগিচাত চাহপাত ছিঙি শ্ৰমিকৰে সৈতে বাৰ্তালাপ প্ৰিয়ংকাৰ





    ‘ৰাজনৈতিক আক্ৰমণৰ ঘটনা সংঘটিত হ’ব নালাগে৷ আমাক দুটা ঘোচা মাৰিলেও ক্ষমা খুজিম’-বুলি মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে৷ বিপিএফৰ প্ৰধান হাগ্ৰামা সন্দৰ্ভতো আক্ৰমণাত্মাক হিমন্ত বিশ্ব৷ অৱসৰী শিক্ষকক বিদায় দিয়াৰ দৰে স-সন্মানে হাগ্ৰামাকো বিদায় দিছে বিজেপিয়ে৷