• বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ বাসগৃহত ৰণ জয়ৰ মন্ত্ৰণা...!

    ৰাজনৈতিক
    বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ বাসগৃহত ৰণ জয়ৰ মন্ত্ৰণা...!

    গুৱাহাটী : বিজেপি মিত্ৰজোঁটৰ অংশীদাৰ দলসমূহৰ মাজত আজি অনুষ্ঠিত হৈছে এখন গুৰুত্বপূৰ্ণ বৈঠক। মিত্ৰদলসমূহৰ মাজত আসন বুজাবুজিৰ উদ্দেশ্যে এই বৈঠক অনুষ্ঠিত হৈছে। বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ চৰকাৰী আবাসত অনুষ্ঠিত এই বৈঠকত নিৰ্ধাৰণ হোৱাৰ সম্ভাৱনা আছে মিত্ৰজোঁটৰ নিৰ্বাচনী সমীকৰণ।





    আৰু পঢ়িব পাৰিব : জিএমচিএইচত আজিৰেপৰা আৰম্ভ তৃতীয় পৰ্যায়ৰ ক’ভিডৰ টিকাকৰণ





    বৈঠকত উপস্থিত হৈছে ‘অসম গণ পৰিষদ’ৰ নেতৃত্ব। বৈঠকত উপস্থিত আছে সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, ৰাজ্যিক শীৰ্ষ নেতা ফণীন্দ্ৰ শৰ্মা, অগপ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তকে ধৰি ইউপিপিএল আৰু জিএছপিৰ নেতৃত্বও। মিত্ৰজোঁটৰ আটাইকেইটা সহযোগী দলৰে আসনৰ ভাগ-বটোৱাৰা সম্পৰ্কত হ'ব আলোচনা।





    আৰু পঢ়িব পাৰিব : দুদিনীয়া ভ্ৰমণসূচীৰে অসমত প্ৰিয়ংকা গান্ধী, অংশ ল’ব প্ৰতিবাদী কাৰ্যসূচীতো





    মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত-স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত আছে বৈঠকত। পুৱা ৯:৩০ বজাৰ পৰা চলিছে এই বৈঠক। বিৰোধী মহাজোঁটৰ ব্যাপক নিৰ্বাচনী কুচকাৱাজৰ মাজতে এই বৈঠকতে শাসকীয় মিত্ৰজোঁটৰ কৌশল নিৰ্ধাৰিত হ’ব বুলি ধাৰণা কৰা হৈছে।