• বিজেপি-অগপ-ইউপিপিএলৰ যৌথ সংবাদমেল: বিজেপিৰ প্ৰাৰ্থীৰ সাক্ষাৎ অতুল বৰা

    ৰাজনৈতিক
    বিজেপি-অগপ-ইউপিপিএলৰ যৌথ সংবাদমেল: বিজেপিৰ প্ৰাৰ্থীৰ সাক্ষাৎ অতুল বৰা

    গুৱাহাটী : আজি বিজেপি-অগপ-ইউপিপিএলৰ যৌথ সংবাদমেল অনুষ্ঠিত হয়৷ সংবাদমেল সম্বোধন কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, অগপৰ সভাপতি অতুল বৰা, আৰু বিটিচি প্ৰধান প্ৰমোদ বড়োৰ৷ অগপৰ ২৬টা সমষ্টিত বিজেপি কৰ্মীক সহায়ৰ আহ্বান ৰঞ্জিত দাসৰ৷ ইউপিপিএলৰ ৮টা সমষ্টিতো বিজেপি কৰ্মীক সহায়ৰ আহ্বান জনায় তেওঁ৷ বিজেপিৰ প্ৰাৰ্থীকো অগপ- ৰঞ্জিতক সহায়ৰ আহ্বান অতুল বৰাৰ৷





    আৰু পঢ়িব পাৰিব : নিউয়ৰ্কত প্ৰিয়ংকাই মুকলি কৰে ভাৰতীয় ৰেষ্টুৰেণ্ট ‘ছ’না’





    মনত ভেদভাৱ নাৰাখিব, ক্ষোভ নাৰাখিব বুলিও মন্তব্য আগবঢ়ায় বৰাই৷ একেই আহ্বান ইউ পিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ৷বিয়লি ঘোষণা হ’ব অগপ- ইউ পিপিএলৰ প্ৰাৰ্থী তালিকা৷ আনহাতে অতুল বৰাৰ বাসগৃহত বিজেপি কৰ্মীয়ে ভিৰ কৰে৷ অতুল বৰাক সাক্ষাৎ টীয়কৰ বিজেপি নেতা যদুনাথ বুঢ়াগোহাঁইৰ৷





    আৰু পঢ়িব পাৰিব : সৰ্বানন্দক মাজুলীত প্ৰতিদন্দ্বীতা কৰিব কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৱে





    বিজেপিয়ে টীয়ক অগপক এৰি দিয়াত এই সাক্ষাৎ কৰে যদুনাথে৷ অগপত যোগদানেৰে প্ৰতিদ্বন্দ্বিতাৰ ইচ্ছা যদুনাথৰ৷ পূব গোৱালপাৰাৰ বিজেপিৰ প্ৰাৰ্থী দীপক ৰাভাও বৰাৰ গৃহত উপস্থিত হয়৷