ডিজিটেল ডেস্ক: অবাধে শৰাধ হৈছে দেশৰ ৰাজকোষৰ ধন৷ জনতাৰ কৰৰ টকাৰে আত্মপ্ৰচাৰত ব্যস্ত হৈ পৰিছে বিজেপিশাসিত কেন্দ্ৰীয় চৰকাৰ৷ কেন্দ্ৰীয় চৰকাৰে ২০১৭ৰ পৰা বাতৰিকাকত, টিভি আৰু ৰেডিঅ’ক বিজ্ঞাপন দিয়াৰ নামত ব্যয় কৰিছে ৰাজকোষৰ ২,৫০০ কোটি টকা৷ কেন্দ্ৰীয় চৰকাৰে ২০১৬ৰ পৰা ২০২১ৰ ডিচেম্বৰলৈকে বিজ্ঞাপনৰ বাবে ৫,০০০,৬৬৭ কোটি টকা ব্যয় কৰিছিল। ৰাজ্যসভাত এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় চৰকাৰে সদৰি কৰিছে বিজ্ঞাপনত ধন ব্যয়ৰ সমুদায় তথ্য৷
কেন্দ্ৰীয় চৰকাৰে ২০১৭ৰ পৰা চলিত বৰ্ষৰ ১০ ফেব্ৰুৱাৰীলৈ বাতৰিকাকত, টিভি আৰু ৰেডিঅ’ত বিজ্ঞাপনত ২,৫৯৪.৭৮ কোটি টকা ব্যয় কৰিছে। চিপিআই (এম)ৰ সাংসদ ভি শিৱদাসনে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ক কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞাপনৰ খৰচ সম্পৰ্কে সুধিছিল এক প্ৰশ্ন৷ সাংসদজনে প্ৰশ্ন কৰে যে, ২০১৭ৰ পৰা ২০২২ৰ ফেব্ৰুৱাৰীলৈকে বাতৰিকাকত, টিভি মিডিয়া, ৰেডিঅ’ আৰু ছ’চিয়েল মিডিয়াত
বিজ্ঞাপন প্ৰকাশ আৰু প্ৰচাৰৰ বাবদ কিমান টকা খৰচ কৰা হৈছে?
কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে ইয়াৰ উত্তৰত কৈছিল যে, ২০১৭-১৮ বৰ্ষৰ পৰা ছ’চিয়েল মিডিয়াৰ জৰিয়তে ব্যুৰো অব্ আউটৰিচ এণ্ড কমিউনিকেশ্বন (বিঅ’চি)ৰ দ্বাৰা ৭.২০ কোটি টকা ব্যয় কৰা হৈছে। একেসময়তে, বিঅ’চিয়ে কয় যে, ২০১৭-১৮ বৰ্ষৰ পৰা চলিত ফেব্ৰুৱাৰীলৈ প্ৰকাশনৰ জৰিয়তে ১৬৫৪.৫৭ কোটি টকা ব্যয় কৰা হৈছে।
সৰ্বাধিক সংখ্যক বিজ্ঞাপন প্ৰকাশ কৰা হৈছিল ২০১৭-১৮ বৰ্ষত৷ সেই সময়ত চৰকাৰে ৬৭৮২টা বিজ্ঞাপন প্ৰকাশৰ জৰিয়তে ৬৩৬.০৯ কোটি টকা ব্যয় কৰিছিল। ২০২১-২২ বৰ্ষত ৫৬০৮টা বিজ্ঞাপনৰ বাবে ব্যয় কৰিছিল ৯৬.৩৯ কোটি টকা৷
চৰকাৰে টিভি চেনেলসমূহত বিজ্ঞাপনৰ বাবদ ব্যয় কৰিছে ৪৭৯.৬১ কোটি টকা৷ ২০১৭-১৮ বৰ্ষত ২৬৫টা টিভি চেনেলত ১৫৩.০২ কোটি টকাৰ বিজ্ঞাপন প্ৰকাশ কৰিছিল চৰকাৰে৷ ২০২১-২২ বৰ্ষত ১৬৮টা চেনেলত ব্যয় কৰা হৈছিল ৮.১৩ কোটি টকা৷
চৰকাৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ দ্বাৰা এটা ব্যক্তিগত ৰেডিঅ’ কেন্দ্ৰৰ জৰিয়তে বিজ্ঞাপনৰ বাবে ৪৬০.৬ কোটি টকা ব্যয় কৰিছে। আনহাতে, ২০১৮-১৯ বৰ্ষৰ ভিতৰত ৰেডিঅ’ত সৰ্বাধিক সংখ্যক বিজ্ঞাপন দিয়া হৈছিল। ২০২১-২২ বৰ্ষত ১৩.৯৬ কোটি টকাৰ বিজ্ঞাপন দিয়া হৈছিল ৰেডিঅ’ত৷
তথ্য অনুসৰি, কেন্দ্ৰীয় চৰকাৰে ২০১৬ৰ পৰা বিগত বৰ্ষৰ ডিচেম্বৰলৈ বিজ্ঞাপনৰ বাবে ৫০০০.৬৭ কোটি টকা ব্যয় কৰিছে।আন এক আৰটিআই প্ৰশ্নৰ উত্তৰত ভাৰত চৰকাৰে কয় যে ২০১৪ৰ পৰা ২০২১ৰ জুনলৈ মোদী চৰকাৰে ৫,৭৪৯ কোটি টকাৰ বিজ্ঞাপন প্ৰকাশ কৰিছে৷
Leave A Comment