comScore
  • বিদেশী ন্যায়াধিকৰণে অসমত বিদেশী হিচাপে চিনাক্ত কৰিছে ১.৪৩ লাখ লোকক: ৰাজ্যসভাত কেন্দ্ৰীয় চৰকাৰৰ তথ্

    ৰাজনৈতিক
    বিদেশী ন্যায়াধিকৰণে অসমত বিদেশী হিচাপে চিনাক্ত কৰিছে ১.৪৩ লাখ লোকক: ৰাজ্যসভাত কেন্দ্ৰীয় চৰকাৰৰ তথ্
    ডিজিটেল ডেস্ক: বিদেশী ন্যায়াধিকৰণে অসমত ১.৪৩ লাখ লোকক বিদেশী হিচাপে ঘোষণা কৰিছে৷ আজি এই তথ্য সদৰি কৰিছে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে৷ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসভাত কয় যে, অসমৰ বিদেশী ন্যায়াধিকৰণে প্ৰায় ১.৪৩ লাখ লোকক বিদেশী হিচাপে ঘোষণা কৰিছে৷ ৰাজ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, অসমত ১০০খন বিদেশী ন্যায়াধিকৰণ চলি আছে, আৰু তেওঁলোকে এতিয়ালৈকে ১,৪৩,৪৬৬জন লোকক বিদেশী হিচাপে ঘোষণা কৰিছে।

    চিপিআইৰ সাংসদ বিনয় ভিস্বমে সোধা এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে ৰাজ্যসভাত কয় যে এতিয়ালৈকে ৩২৯জন লোকক তেওঁলোকৰ মূল দেশলৈ প্ৰেৰণ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে কয়, অসম চৰকাৰে জনাইছে যে বৰ্তমান অসমত চলি থকা বিদেশী ন্যায়াধিকৰণৰ মুঠ সংখ্যা হৈছে ১০০খন৷ বিগত বৰ্ষৰ ৩১ ডিচেম্বৰলৈ এই ন্যায়াধিকৰণবোৰত ৰৈ থকা মুঠ গোচৰ হৈছে ১,২৩,৮২৯টা৷ একেদৰে, বিগত বৰ্ষৰ ৩১ ডিচেম্বৰলৈকে বিদেশী হিচাপে ঘোষণা কৰা মুঠ লোকৰ সংখ্যা হৈছে ১,৪৩,৪৬৬জন৷ নিত্যানন্দ ৰায়ে লগতে কয় যে, বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা মুঠ ১,২১,৫৯৮জনক ভাৰতীয় হিচাপে ঘোষণা কৰা হৈছে।

    মন্ত্ৰীগৰাকীয়ে এক প্ৰশ্নৰ লিখিত উত্তৰত কয়, ২০২১ চনৰ ৩১ ডিচেম্বৰলৈ ভাৰতীয় হিচাপে ঘোষণা কৰা মুঠ লোকৰ সংখ্যা হৈছে ১,২১,৫৯৮জন। আনহাতে, বিগত ১ ফেব্ৰুৱাৰীত মুঠ ৩২৯জন লোকক তেওঁলোকৰ মূল দেশলৈ ওভোতাই পঠিওৱা হৈছে৷

    কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী ৰায়ে কয়, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসনক তেওঁলোকৰ প্ৰয়োজন অনুসৰি ডিটেনচন কেম্প বা শিবিৰৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰাৰ ক্ষমতা আৰু কাৰ্যসমূহ প্ৰদান কৰা হৈছিল।
    সংসদত তেওঁ জনায় যে, কেন্দ্ৰই ২০১৯-২০, ২০২০-২১ আৰু ২০২১-২২ বিত্তীয় বৰ্ষত বিদেশী ন্যায়াধিকৰণৰ কাম-কাজৰ বাবে কেন্দ্ৰই মুঠ ৬৯ কোটি টকা আবণ্টন দিছে৷
    scatter hitamslot thailandmpo slotsv388mahjong ways 2slot777https://www.satudatadesa.com/link agen sbobet loginLink Agen Sabung Ayam OnlineMix ParlaySlot88SV388Agen SBOBETSlot777 Scatter HitamSabung Ayam Wala MeronAgen Mix ParlayScatter Hitamslot gacorsabung ayam onlineindojawa88sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388agen sbobet situs sabung ayam situs scatter hitam agen bola scatter hitam mahjong sabung ayam online 24 jam mix parlay slot terpercaya bandar sabung ayam sbobet88 situs sabung ayam