Automobiles
The Jimny has a 1.5-litre petrol engine and may be purchased through a subscription plan for an all-inclusive monthly charge starting at 33,550.
নগাঁও : বিদ্যালয়তো সুৰক্ষিত নহয় ছাত্ৰী৷ এইবাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বিৰুদ্ধে শালীনতা হানি কৰাৰ গুৰুত্বৰ অভিযোগ বিদ্যালয়ৰ ছাত্ৰীৰ৷ সভ্য সমাজক লজ্জানত কৰা এই ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ কামপুৰ চাংচকী উচ্চ মাধ্যমিক বিদ্যালয়ত ৷
আৰু পঢ়িব পাৰিব : লংকাত খাদ্যত বিষক্ৰিয়াৰ ফলত দুটি শিশুৰ মৃত্যু
জানিবপৰা মতে বিদ্যালয়ত বাৰ্ষিক পৰীক্ষাৰ ফলাফলৰ বাবে হাতৰ কাম জমা দিবলৈ যোৱা এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক শিক্ষক নথকা অৱস্থাত লম্পট চকীদাৰ ভবানন্দ বৰাই অশালীন ব্যৱহাৰ কৰে৷ ছাত্ৰীগৰাকীয়ে পাছত পিতৃ মাতৃৰ আগত সকলো কথা বিৱৰি কয়৷
আৰু পঢ়িব পাৰিব : অন্তিম দিনা মহানগৰীত ৰথী-মহাৰথীৰ মনোনয়ন যাত্ৰা
এই সমগ্ৰ ঘটনা বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীক অৱগত কৰাত প্ৰধান শিক্ষকৰ লগতে স্থানীয় ৰাইজে বিদ্যালয়ত এখন সভা অনুষ্ঠিত কৰি লম্পট চকীদাৰ ভবানন্দ বৰাক বিদ্যালয়ৰ পৰা নিলম্বন কৰিবলৈ ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে ৷ ৰাজহুৱা সভাতে আন কেইবাগৰাকী ছাত্ৰীকো লম্পট চকীদাৰ ভবানন্দ বৰাই অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে ৷
Leave A Comment