• বিদ্ৰোহী সংগঠনেৰে হাত মিলাই মণিপুৰত ক্ষমতালৈ আহিছিল বিজেপি; সৰব প্ৰাক্তন মুখ্যমন্ত্ৰী

    ৰাজনৈতিক
    বিদ্ৰোহী সংগঠনেৰে হাত মিলাই মণিপুৰত ক্ষমতালৈ আহিছিল বিজেপি; সৰব প্ৰাক্তন মুখ্যমন্ত্ৰী
    ডিজিটেল ডেস্ক: পুনৰ ‘আফস্পা’ বাতিলৰ দাবী উত্থাপন হৈছে উত্তৰ-পূৰ্বাঞ্চলত৷ বিতৰ্কিত ক’লা আইনখন বাতিলৰ দাবীত এইবাৰ মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ওক্ৰাম ইবোবি সিং সৰব হৈ পৰিছে৷ ৰাজ্যখনৰ সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁ ‘আফস্পা ’ বাতিলৰ বাবে শক্তিশালী প্ৰস্তাৱ প্ৰস্তুত কৰিছে৷ ২০০২ৰ পৰা ২০১৭লৈ মণিপুৰৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা ওক্ৰাম ইবোবি সিঙে এটা বিশেষ সাক্ষাৎকাৰত বিদ্ৰোহী গোটসমূহৰ সৈতে সম্পৰ্ক থকা বিজেপিৰ বিৰুদ্ধে কেইবাটাও চাঞ্চল্যকৰ মন্তব্য কৰে।

    এইবেলি থৌবাল সমষ্টিৰ পৰা পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হোৱা ইবোবিয়ে অভিযোগ কৰি কয় যে, বিজেপিয়ে বিদ্ৰোহী গোটবোৰৰ সৈতে হাত মিলাইছিল, যাৰ বাবে তেওঁলোকে ২০১৭ত সংখ্যাগৰিষ্ঠতা নাথাকিলেও মণিপুৰত চৰকাৰ গঠন কৰিছিল। মণিপুৰত ২৮ ফেব্ৰুৱাৰী আৰু ১০ মাৰ্চত ৩৮ টা সমষ্টিত দুটা পৰ্যায়ত হ’বলগীয়া নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে মণিপুৰত ভোটাৰে কংগ্ৰেছক ক্ষমতালৈ আনিবলৈ ভোট দিব বুলি আশা প্ৰকাশ কৰে৷ তেওঁৰ মতে, ৰাজ্যখনত বিজেপিৰ পাঁচ বছৰৰ শাসনকালত মণিপুৰৰ নাগৰিকসকল অতিষ্ঠ হৈ পৰিছে আৰু তেওঁলোকে পৰিৱৰ্তন বিচাৰে।

    প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক সোধা হৈছিল যে তেওঁৰ কাৰ্যকালত ‘আফস্পা’ বাতিল কৰা নাছিল৷ অথচ, তেওঁ কিয় এতিয়া বাতিল কৰাতো বিচাৰে? তেতিয়া ইবোবিয়ে কয়, আমাৰ সময়ত, আমি সাতটা বিধানসভা খণ্ডত আফস্পা প্ৰত্যাহাৰ কৰিছিলোঁ। বৰ্তমানৰ চৰকাৰৰ কেন্দ্ৰক এইটো কোৱাৰ সাহস নাই। এতিয়া পৰিৱেশ আছে, সেয়েহে ইয়াক বাতিল কৰা উচিত।

    ওক্ৰাম ইবোবি সিঙক এইবাৰ মণিপুৰত কংগ্ৰেছে কেনে প্ৰদৰ্শন কৰিব বুলি সোধাত তেওঁ কয়, বিগত পাঁচ বছৰত মণিপুৰৰ জনসাধাৰণ অতিষ্ঠ হৈ পৰিছে। তেওঁলোক বিজেপিবিৰোধী শক্তিসমূহৰ সৈতে আছে। মানুহে পৰিৱৰ্তন বিচাৰে আৰু আমি পৰিৱৰ্তন আনিম বুলি নেতাগৰাকীয়ে মন্তব্য কৰে৷